পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
উষা-হৰণ৷
৫৮৩
 

বৃদ্ধৰাজ উগ্ৰসেন আৰু আহুক প্ৰমুখ্যে যাদৱবৰ্গৰ উপস্থিত বিষাদৰ কাৰণ সুধি লৈ, মুনিয়ে এই বুলি শ্ৰীকৃষ্ণত নিজ আগমনৰ উদ্দেশ্য ব্যক্ত কৰিলে, “হে মধুসূদন! অৱধান কৰোক। কুমাৰ অনিৰুদ্ধৰ উদ্ধাৰৰ যুক্তি লৈয়েই মই অনতিপলমে আপোনাৰ সমীপলৈ আহিছোঁ। মহাসুৰ বলিনন্দন দৈত্যৰাজ বাণ-নৰপতি আৰু মহাবাহু প্ৰদ্যুম্ননন্দন অনিৰুদ্ধ কুমাৰৰ মাজত দেবাসুৰসমসদৃশ, যি সুদাৰণ মহাযুদ্ধ হৈ গৈছে, তাক মই চকুৰে দেখি আহিছোঁ। মধ্যকামৰূপৰ অধিপতি বাণাসুৰে ৰণত পৰান্মুখ আৰু উপায়ন্তৰ হৈ শেহান্তৰত মায়াযুদ্ধ কৰি কুমাৰক নাগপাশেৰে বান্ধি থৈছে। কুমাৰ এতিয়া কন্যাপুৰত বাণৰজাৰ ৰণুৱাৰ হাতত বন্দী। কুমাৰক বধ কৰিবলৈ বাণ ৰজা উদ্যত হৈছিল, পিচে তেঁওৰ পৰম ধাৰ্মিক মন্ত্ৰী কুভাণ্ডৰ উপদেশ মানি সেই অপকৰ্ম্মৰপৰা তেওঁ সম্প্ৰতিকলৈ ক্ষান্ত ৰৈছে। কুমাৰ অদ্যাপি জীবিত। কিন্তু, তেওঁক অনতিপলমে বন্ধনমুক্ত কৰা বাঞ্ছনীয়। সেই সুকঠিন কাৰ্য্য আপোনাৰ বিহনে সিদ্ধ হোৱাৰ সম্ভবনা নাই। এতেকে, হে গৰুড়ধ্বজ! আপুনি স্বীয় গৰুড়বাহিনী (১) লৈ এই দণ্ডতে ৰণযাত্ৰা কৰোক। নতু পলমে বিঘ্ন ঘটিবৰ আশঙ্কা। হে কেশৱ। বহু যাত্ৰীৰ প্ৰয়োজন নাই; কন্যাপুৰত গোবিন্দৰ পক্ষীয় ৰণুৱাৰ অভাৱ নহব। আপুনি অগৌণে আৰু সদলে কন্যাপুৰলৈ শুভযাত্ৰা কৰক।’’ দেবৰ্ষি নাৰদৰ সময়োপযোগী উপদেশ অনুসৰি, যাদৱ বাহিনীৰ বছা-বছা যাত্ৰীৰ


(১) সুদুৰ-দুৰৈলৈ যাব লগীয়া হলে, শ্ৰীকৃষ্ণই গৰুড় পক্ষীৰ পিঠিত চৰি আকাশী পথেদি যাত্ৰা কৰে। আৰু তাতকৈ কোনো আসন্ন আপদত দুৰ-বিদেশলৈ ৰণযাত্ৰা কৰিব লগীয়া হলেও, গৰুড়ে বৈ নিয়া ৰথত চৰি, নাইবা সমুহ গৰুড় বাহনত নিজৰ বাছকবণীয়া ৰণুৱাদল তুলি লৈ তেওঁ ৰণযাত্ৰা কৰিছিল। সেই আপাহতে শ্ৰীকৃষ্ণক গৰুড়ধ্বজ বোলা হয়।