পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮৪
শ্ৰীকৃষ্ণ৷
 


মাজৰ বাছকবনীয়া এদল ৰণবল মনোনীত কৰি লৈ যথাসময়ত হলায়ুধ সাত্যকি, সুপৰ্ণ, প্ৰদ্যুম্ন প্ৰমুখ্যে যাদৱ যোদ্ধা লগত লৈ আৰু নাৰদ মুনিকো লগতে লৈ, অগ্ৰজ ৰামে সৈতে গৰুড় বাহনত চৰি, মহাবীৰ্য্য শ্ৰীহৰি যদুসিংহ শ্ৰীকৃষ্ণদেৱে দক্ষিণ কৰত অসি-চক্ৰ-গদা-বাণ আৰু বাম কৰত চৰ্ম্ম-শ্ৰাৰ্ঙ্গ-বজ্ৰ-শঙ্খ ধাৰণ কৰি (১), আকাশমাৰ্গেদি বায়ুবেগে কন্যাপুৰ উদ্দেশে যাত্ৰা কৰিলে।

⸻⸻

(১) “হৰিবংশ’’ ১৭৮ আধ্যা৷ এই আপাহতৰ ভগবান শ্ৰীকৃষ্ণ অষ্টবাহু নামেও অভিহিত৷ অৰ্থাৎ বাসুদেৱ উল্লিখিত অষ্ট-অস্ত্ৰধাৰী৷