পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮২
শ্ৰীকৃষ্ণ৷
 

অবিদিত নহয়। নৰক-সংহৰ (১) আৰু ৰুক্মিণী-হৰণ (২) ঘটনাৱলীৰ সংসৰ্গত সেই মহাপুৰৰ মহা পৰাক্ৰমী দৈত্যৰাজসকলৰ বলবীৰ্য্যৰ পৰিমাণ মই পাই থৈছোঁ। ঘটনাচক্ৰত পৰি, এতিয়া আমি সেই ৰাজ্যৰ বৰ্ত্তমান অধিপতি বলিনন্দন মহান বাণ-নৰপতিৰ সন্মুখীন হৈ সম্ভৱতঃ এখন মহাৰণ পাতিবগৈ লাগিব। ই ইচ্ছাময়ৰ ইচ্ছা। ইয়াৰ অন্যথা অসম্ভৱ। এতেকে, এতিয়া কুমাৰৰ উদ্ধাৰাৰ্থে সেই মায়াময় কন্যা- পুৰলৈ যথাযোগ্য আয়োজনেৰে আমি যুদ্ধযাত্ৰা কৰিব লাগিব।ৰবৰ সময় নাই।” তাৰ পাচত, বাসুদেৱৰ বাছনি অনুযায়ী তেওঁৰ অগ্ৰজ হলধৰ, বৰপুত্ৰ প্ৰদ্যুম্ন কোৱঁৰ, সেনাপতি সাত্যকি প্ৰমুখ্যে লাগতিয়াল সংখ্যক বছ-বছা যাদৱ যোদ্ধাই ৰণ-যাত্ৰা কৰাটো স্থিৰ হল।

 পিচদিনা প্ৰত্যুষে নাৰায়ণ সেনাদলে ৰণৰৱে তুৰ্য্য আৰু শঙ্খধ্বনিৰে সৈতে কেশৱক জাগৰিত কৰাৰ পাচত, কৃষ্ণমণ্ডপত যাদৱ যাত্ৰীবৰ্গ সুসজ্জিত হৈ সমবেত হলহি। যাত্ৰাৰ্থে শুভক্ষণ সাপেক্ষে সকলে সষ্টম। ইত্যৱসৰত হৰিগুণগান গাই বীণাধাৰী নাৰদ মুনি হাঁহি হাঁহি মণ্ডপত উপস্থিত হলহি। মুনিৰ মুখত হাঁহি কিন্তু আন সকলোটি বিষাদত জয় পৰা। পৰমানন্দ মাধৱ নিজে বিমনা আৰু যাত্ৰাৰ্থে ব্যস্ত যদিও, তেওঁ স্বয়ং আথেবেথে আগবাঢ়ি গৈ আদৰি আনি, বগা ঠাঙ্গা আসন পৰাই দিয়াই নাৰদ মুনিক মধুপৰ্ক আৰু গো-নিবেদন কৰিলে। তাৰ পাচত,


(১) প্ৰাগজ্যোতিষপুৰৰ অধিপতি নৰকাসুৰক বধ কৰাৰ উদ্দেশে শ্ৰীকৃষ্ণৰ কামৰূপ আগমনৰ বিষয়ে আদ্যলীলা খণ্ডৰ যথাস্থানত কৈ অহা হৈছে।

(২) কামৰূপৰ অতি-পূৰ্বাঞ্চল বিদৰ্ভ বা কুণ্ডিল (এতিয়া শদিয়া) ৰাজ্যৰ অধীশ্বৰ ভীম ৰজাৰ জীয়াৰী ৰুক্মিণীদেবীক কৃষ্ণদেৱে হৰণ কৰাৰ বিষয়ে আদ্যলীলা খণ্ডৰ যথাস্থানত বিস্তাৰিতকৈ কোৱা হৈছে। সেই সংসৰ্গতে শ্ৰীকৃষ্ণ আৰু ৰুক্মবীৰৰ মাজত এখন ভীষণ ৰণ লাগিছিল।