সমললৈ যাওক

পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
উষা হৰণ৷
৫৮১
 

নিবিষ্টমনেৰে শুনিলোঁ। আমাৰ বৃদ্ধৰাজ আহুকক শাল্ব দৈত্যই হৰণ কৰা শিশুকালত ৰুক্মিণীনন্দন প্ৰদ্যুম্ন কোৱঁৰক শম্বৰাসুৰে হৰণ কৰা ইত্যাদি বিগত ঘটনাৱলীৰ বিষয় আমি অদ্যাপি পাহৰা নাই। মোৰ কৃত দেৱদ্ৰোহী কৰ্ম্মৰ আপাত যাদৱৰ প্ৰতি দৈববিতুষ্ট হোৱা বিৰ্ষ্টাদিৰ কথাও আমাৰ মনত আছে। কিন্তু, হে সুধীসকল। মোৰ প্ৰাণপ্ৰতিম নাতি-কোৱঁৰ অনিৰুদ্ধ-হৰণ বিষয়ক আপোনাসকলৰ মন্তব্যৰে সৈতে মোৰ মন্তব্য অমিল হৈছে। মোৰ মতে দেৱতাগণ ক্ষুদ্ৰকৰ্ম্মা, অকৃতজ্ঞ, অৱলিপ্ত, ক্লীৱ কিম্বা মুঢ় নহয়; দেৱতাই অপকাৰীক উপকাৰৰ দ্বাৰাই হে প্ৰতিশোধ দিয়ে। গতিকে, মোৰ কৃত কোনো অপ্ৰিয় কৰ্ম্মৰ প্ৰতিশোধ হেতু কুমাৰ-হৰণ কাৰ্য্য সম্পাদিত হোৱা নাই। মোৰ বোধেৰে, ঈশ্বৰৰ অভিপ্ৰেত কোনো শুভ আৰু মহৎ কাৰ্য্যৰ উদ্দেশে হে কোনোবা যশস্বিনী নাৰীৰ (১) দ্বাৰাই এই কাৰ্য্য সম্পাদিত হৈছে। সেই নাৰী দেবীয়েই হওক, বা দানবীয়েই হওক, কিম্বা মানবীয়েই হওক, -যেয়ে হওক, তেওঁৰ উদেশ্য যে অতি মহান্ তাত মোৰ ধনিষ্ঠামানো সন্দেহ হোৱা নাই। বিশেষত, পখীবাহিত পত্ৰৰ মৰ্ম্ম আৰু বিশেষণে যি সবিশেষকৈ বুজাইছে, আৰু মোৰ শয়নকক্ষৰ দেৱালত অঙ্কিত জীৱন্ত চিত্ৰই (২) যি আভাস দিছে, তাৰপৰা মোৰ বিশ্বাস হৈছে যে, সেই কুমাৰ হাৰিণী এগৰাকী কামৰূপিনী যশস্বিনী তেওঁৰ বসতিস্থান মধ্যকামৰূপ বাণ-ৰাজ্যৰ কন্যাপুৰ। হব পাৰে তেওঁৰ মহৎ উদ্দেশ্য কুমাৰ অনিৰুদ্ধৰ দ্বাৰাই সেই অসুৰ ৰাজ্যৰ অধীশ্বৰ মহাসুৰ বাণ-নৰপতিৰ ৰূপে গুণে অনুপমা কন্যাৰ (৩) পাণিগ্ৰহণ কৰাবলৈ। সেই মায়াপুৰ মোৰ


(১) সুপ্ৰখ্যাতী চিত্ৰসিদ্ধহস্তা উষা-সখী চিত্ৰলেখা।

(২) এই বিষয়ে যথা-ঠাইত উনুকিয়াই অহা হৈছে।

(৩) বাণ-নন্দিনী উষাদেবী।