পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮০
শ্ৰীকৃষ্ণ৷
 

আশাৰ সাঞ্চাৰ হল, সকলোৱেই পুনৰপি সজ্ঞা লাভ কৰিলে। অনিৰুদ্ধ উদ্ধাৰৰ উপায় উদ্ভাবন বিষয়ক আলোচনাত বৃদ্ধৰাজ আহুক প্ৰমুখ্যে যাদৱপ্ৰধানসকল আগ্ৰহেৰে সমবেত হলহি। সিবিলাকে উদ্বিগ্ন চিতেৰে চিন্তাজীবী অদ্ভুতকৰ্ম্মা বাসুদেৱৰ প্ৰতি স্থিৰদৃষ্টিৰে চাই চাই, যাৰ যি বক্তব্য তাক এজন-এজনকৈ ব্যক্ত কৰিবলৈ ধৰিলে। সভাস্থ যাদৱ মণ্ডলীৰ মুখে কুমাৰ-হৰণ-কাহিনী আৰু কুমাৰৰ উদ্ধাৰৰ উপায় উদ্ভাৱন বিষয়ক মন্ত্ৰণাদি ৰুক্মিণীনাথে একাণপতীয়া মনোযোগেৰে শুনিবলৈ ধৰিলে,—শুনি শুনি শুনি সেইপোনেই তেওঁ নিটাল মাৰিলে। শ্ৰীকৃষ্ণ নিস্তব্ধ হোৱা দেখি বিজ্ঞ মন্ত্ৰী বিপৃথুৱে এই বুলি মাত লগালে, “হে মাধৱ। আপুনি চিন্তাৰ পাৰ দিওঁতা হৈ এইদৰে চিন্তাযুত হৈছে কিয়? আমাক উপদেশ দিয়কছাৰি আপুনি আমাৰ উপদেশ সাপেক্ষে নিটাল মাৰিছেচোন?” এই কথা শুনি বৃহস্পতিহেন বাক্যবিচক্ষণ বাসুদেৱে দীঘলকৈ এটি হুমুনিয়াহ পেলাই এই বুলি সমিচাৰ দিলে, “হে বিপৃথো! মই চিন্তাবিষ্ট হৈ আপোনাসকলৰ আলোচ্য বিষয়ক কাৰ্য্যকে চিন্তা কৰিছোঁ। তাৰ লগে লগে সমবেত সমজুৱাৰ মন্তব্যাদি ৰিজাই-মিলাই গৈ আছোঁ। আৰু কাৰ কি বক্তব্য আছে শুনি লওঁ; সদৌশেহত মই মোৰ মন্তব্য দিমগৈ।” তাৰ পাচত, নানা জনে নানা মতে কুমাৰ-হৰণৰ সম্ভৱপৰ হেতু দশাই অনুতাপ প্ৰকাশ কৰিবলৈ ধৰিলে। সেইসকলৰ ভিতৰত মহাৰথ সাত্যকি, সেনাপতি অনাধৃষ্টি বাক্যাৰ্থবিশাৰদ অক্ৰুৰ, মহাবীৰ হলধৰ, ৰণপণ্ডিত ৰুক্মিণীনন্দন প্ৰদ্যুম্ন কোৱঁৰ এইসকলেই প্ৰধান।

 এজন-এজনকৈ সকলোৰে মন্তব্য শুনি সাৰোগত কৰি লৈ, সামৰণিত চিন্তাপৰায়ণ অক্লিষ্টকৰ্ম্মা অচ্যুত শ্ৰীকৃষ্ণই এই বুলি স্বীয় মন্তব্য প্ৰকাশ কৰিলে, “হে জ্ঞাতিবন্ধুবৰ্গ। আপোনাসকলৰ যুক্তিযুত সাৰুৱা মন্তব্যাদি মই