পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
উষা-হৰণ৷
৫৭৯
 

শ্ৰীকৃষ্ণৰ প্ৰত্যুৎপন্নমতিত্বৰ প্ৰভাৱত সেই সমস্যা ততালিকে শামকাটি পৰিল; সুদূৰদৰ্শী পাণ্ডৱ-সাৰথি বাসুদেৱৰ ৰাজনৈতিক কৌশলৰ ফেৰত ৰণ-আৰম্ভণ ঘোষণাৰ বাব ইতিপূৰ্ব্বেই নিৰ্দ্ধাৰিত ৰণ-নীতি অনুসৰি, পাণ্ডৰৰ এক্তিয়াৰত ন্যস্ত ৰৈছিল; সেই ছেগতে বাগি দি, আচল ৰণ-নেতা শ্ৰীকৃষ্ণই ৰণ-ঘোষণা অনিৰ্দ্ধাৰিতকৈ স্থগিত ৰখাই, পাকতে ঘুৰি আহিবলৈ বুলি, ৰুক্মিণী সাৰথিৰে সৈতে গৰুড়-ৰথত চৰি দ্বাৰকালৈ অনতিপলমে প্ৰত্যাগমন কৰিলে।

 দ্বাৰকাত হাহাকাৰ। দ্বাৰাৱতীত প্ৰিয়নাথ কন্দৰ্পকুমাৰ অনিৰুদ্ধমণি হেৰুৱাই বিৰহিনী যাদৱীবৃন্দে বিননিত গছৰ পাত খিলি-খিলিকৈ কঁপাইছে। অনিৰুদ্ধজননী প্ৰদুম্নপত্নী প্ৰমুখ্যে দ্বাৰাৱতীৰ পুৰনাৰীবৃন্দৰ শোক-তাপৰ বাস্পেৰে ভৰা চলচলীয়া চকুমণি ৰাশিক ওপৰে-ওপৰে বিৰিঙ্গি উঠা শোকাশ্ৰুৱে সুনীল সৰোবৰৰ সলিলত আপ্লুত হোৱা পদুমকলিৰ থুপি যেন কৰিছে। বাহিৰত যাদৱবৰ্গৰ হা-হুমুনিয়াহ মলয়াত কঁপিকঁপি উঠিছে। কাৰো মুখত পানী নাই! সকলোটি সমভাৱে সন্তপ্ত। বিচাৰি বিচাৰি যদুমণি প্ৰদ্যুম্ননন্দনক যতেকে নোপোৱাৰ নিদৰ্শন পোৱা গৈছে, দ্বাৰকাবাসীৰ-বিশেষকৈ যাদৱবৃন্দৰ-শোক-সন্তাপ ততেকে চৰিছে। পত্ৰবাহিকা পখীৰ জৰীয়তে কুমাৰ-হৰণৰ যি সন্ধান পোৱা গৈছে, তাকে বিশদকৈ উপলব্ধি কৰা কৃষ্ণবিনে অন্য শক্তিৰ সাধ্যাতীত হেতুকে সকলোটি চিন্তাত বিমোৰ। দ্বাৰাৱতীৰ এনেকুৱা নিস্তেজ আৰু নিস্পন্দ অৱস্থাত যাদৱজীৱন দৈৱকীনন্দন বাসুদেৱে বাহিৰৰপৰা ভিতৰৰ গমগতি লৈ ধীৰে-শাঁতে অন্তঃপুৰলৈ প্ৰশান্তভাৱে প্ৰৱেশ কৰিলে। শ্ৰীকৃষ্ণৰ প্ৰত্যাগমন বাৰ্ত্তা ঘোষণা কৰা মাত্ৰে কৃষ্ণসভাত সন্নাহভেৰী বাজি উঠিল। যাদৱগণ ততালিকে মন্ত্ৰণা-মন্দিৰত সমবেত হলগৈ। বিজয়বন্তি শ্ৰীকৃষ্ণ দৰ্শন হোৱা মাত্ৰকে সকলোৰে প্ৰাণত