পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭৮
শ্ৰীকৃষ্ণ৷
 

তথাপি ঘৰুৱা অভাবনীয় আপদ ভঞ্জনৰ সমস্যাত তেওঁৰ পক্ষে দ্বাৰকা- প্ৰত্যাগমন ততোধিক অপৰিহাৰ্য্য। গতিকে, অগ্ৰজ বলৰামৰ আদেশ অনুসৰি, অনুজ বাসুদেৱৰ সমীপলৈ দূত প্ৰেৰিত হোৱাটোৱেই স্থিৰ হল।

 শ্ৰীকৃষ্ণৰ বিৰতি নাই। যতে কৃষ্ণ, ততে কৰ্ম্ম; যতে কৰ্ম্ম, ততে ধৰ্ম্ম; যতে ধৰ্ম্ম, ততে জয়ঃ। কৃষ্ণ সৰ্ব্বব্যাপী। কৰ্ম্মত যি কৃষ্ণ, চিন্তাতো সেই কৃষ্ণ। অচ্যুত কৃষ্ণ অক্লিষ্টকৰ্ম্মা। কৃষ্ণ চিন্তাপৰায়ণ। কৃষ্ণ অদ্ভুতকৰ্ম্মা। অপায় অপনয়নতো কৃষ্ণ, সম্পদসম্ভোগতো কৃষ্ণ। ভিতৰত কৃষ্ণবিনে স্থিতি নাই, বাহিৰত কৃষ্ণবিনে গতি নাই। এনেহেন অবিশ্ৰান্ত কৃষ্ণ কুৰুক্ষেত্ৰত অপৰিহাৰ্য্যৰপে চিন্তাপৰায়ণ আৰু কাৰ্য্যতৎপৰ হৈ ৰণৰচনাত নিমগ্ন থাকোঁতে, ইফালে দ্বাৰকাত তেওঁক অপৰিহাৰ্য্যকৈ, লগা হল। সেই অৰ্থে, দ্বাৰকাৰ ৰামদূত গৈ কুৰুক্ষেত্ৰত উপস্থিত। দূত কেৱল বাৰ্ত্তাবহী নহয়, অগ্ৰজৰ আদেশবাহিনীও। যি ৰামৰ আদেশ সততে কৃষ্ণৰ শিৰোধাৰ্য্য, সেই পূজনীয় প্ৰাণপ্ৰতিম অগজ হলধৰৰ আদেশ-বাণী দূতীয়ে যথাসৎকাৰেৰে শ্ৰীকৃষ্ণত জ্ঞাপন কৰিবগৈ। সেই দূতী হল কৃষ্ণসোহাগিনী কৃষ্ণসহধৰ্মিণী স্বয়ং রু ক্মিণী দেবী। যি ক্ষণত মুহুৰ্ত্তলৈকো কৃষ্ণৰ অনুপস্থিতি পাণ্ডৰৰ পক্ষে অপৰিহাৰ্য্য আৰু নিতান্ত অসহনীয়, সেই ক্ষণত অনিশ্চিত সময়লৈ কৃষ্ণৰ উপস্থিতি, দ্বাৰকাৰ যাদৱৰ পক্ষেও অপৰিহাৰ্য্য আৰু একান্ত বাঞ্ছনীয়। এইহেন অপাৰ সমস্যাৰ পাৰ এতিয়া কি উপায়েৰে পোৱা যায়। এহাতে, কুৰুক্ষেত্ৰত কৌৰৱ-পাণ্ডৱৰ মাজত আগন্তুক মহাৰণ লাগোঁ-লাগোঁ আৰম্ভণ-ঘোষণা মাথোন বাকী; আৰু শ্ৰীকৃষ্ণৰ অবিহনে কৃষ্ণ-বিৰচিৰত পাণ্ডৱ-দুৰ্গ ঠৰেঠৰে তল যায়। আনহাতে, চকুমণি অনিৰুদ্ধ কুমাৰক হেৰুৰাই দ্বাৰকাত যাদৱবৰ্গ আন্ধাৰত আতুৰ। সেই অৱস্থাত কৃষ্ণবিনে যাদৱৰউপায় নাই। বাস্তৱতে ই বিষম সমস্যা। কিন্তু অদ্ভুতকৰ্ম্ম।