মোৰ দেৱদুৰ্গম কন্যাপুৰলৈ নিৰ্ভয়ে প্ৰবেশ কৰি বিনাসম্প্ৰদানে মোৰ কুলকন্যাৰ সতীত্ব হৰণ কৰিলেহি সেই নিৰ্ব্বোধ দুৰাকাঙ্খীৰ কি বীৰ্য্য! কি ধৈৰ্য্য!! কি ধৃষ্টতা !!! (১)।” মহাসুৰ বলিনন্দন বাণ নৰপতিৰ তৰ্জ্জনগৰ্জ্জনপূৰ্ণ আদেশ ততালিকে শিৰোধাৰ্য্য কৰি, তেওঁৰ মহতী বাহিনীয়ে গগণভেদী হুঙ্কাৰ ছাৰি কৃষ্ণনাতি অনিৰুদ্ধ কুমাৰক বধিবৰ অৰ্থে কন্যাপুৰমুখে ধাবিত হল।
উষা-অনিৰুদ্ধৰ সুখমিলন সংঘটনৰ পৰিণামত যি বিষম প্ৰমাদ ঘটিবৰ আশঙ্কা আছিল, সেই বিষয়ক চিন্তাচিত্ৰ চিত্ৰলেখাই কৃষ্ণভৱনত আগধৰি আঁকি থৈ আহিছিল। এতিয়া, ইফালে বাণ ৰজাৰ মহতী বাহিনী অনিৰুদ্ধ বধাৰ্থে বাহিৰ হোৱা দেখি, সিফালে আগধৰি পাঙ্গি অহা মতে, এই বিপদসংবাদ যথাসময়ত যদুসিংহ শ্ৰীকৃষ্ণৰ কৰ্ণগোচৰ কৰাৰ উদ্দেশে চিত্ৰলেখাই আকৌ অনতিপলমে অৱস্থা চাই ব্যৱস্থা উদ্ভাৱন কৰিলে। সেই উদ্দেশে পোন্-প্ৰথমে তেওঁ এটি পত্ৰবাহক পখী (২) দ্বাৰকাৰ অভিমুখে প্ৰেৰণ কৰিলে। তাৰপাচত, সৰ্ব্বত্ৰব্যাপী (৩) দেবৰ্ষি নাৰদ মুনিৰ সাক্ষাৎ লাভ কৰি, সেই দ্ৰুতগামী চমুপন্থ- বিশাৰদ মুনিৰাজক কৃষ্ণসদনলৈ যাত্ৰা কৰালে। সিফাললৈ সেই উপায় বিধান কৰি উঠি, ইফালে চিত্ৰলেখাই বুদ্ধিমতী সখীয়া প্ৰজ্ঞাসুন্দৰীৰে সৈতে সুপৰামৰ্শ কৰি, কৃষ্ণনাতি অনিৰুদ্ধ কুমাৰৰ সাহায্যাৰ্থে উষা
(১) হৰিবংশ, ১৭৫ আধ্যা
(২) পাৰ-পখীৰে দুৰ-বিদেশলৈ পত্ৰ বহন কৰা কৌশল কোনো কোনো দেশত এই যুগতো প্ৰচলিত থকাৰ পটন্তৰ অদ্যাপি বিদ্যমান।
(৩) পৰিব্ৰাজক মহাকবি নাৰদ মুনিয়ে সঘনে সৰ্ব্বত্ৰে ভ্ৰমি ফুৰে। নানা ঠাইত তেওঁৰ ভ্ৰমণ এনে সঘন যে, তেওঁক প্ৰায়ে যতে-ততে যেতিয়াই-তেতিয়াই সাক্ষাৎ পোৱা যায়। সেই আপাহতে তেওঁক সৰ্ব্বব্যাপি বোলা যায়।