পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭২
শ্ৰীকৃষ্ণ৷
 

অন্তঃপুৰ ৰখীয়া দানৱ সৈন্যবৰ্গক গুপুতে সাজু ৰাখিবলৈ যুগুত দিহা লগই থলে।

 চাওঁতে চাওঁতে আহি বাণ-বাহিনীয়ে উষা-অন্তঃপুৰ অৱৰোধ কৰিলেহি। চাৰিওফালে ধৰধৰ মাৰ-মাৰ শব্দৰ কোঢ়াল লাগি উঠিল। সেই কোঢ়াল শুনি উষানন্দ প্ৰদ্যুম্ননন্দন পোনেই চঁক্খাই উঠিছিল; পিচে আসন্ন বিপদ উপস্থিত জানি মহাবাহু অনিৰুদ্ধ কুমাৰ তুৰন্তে শত্ৰুৰ সমুখ হবলৈ সষ্টম হল। কিন্তু, বাণ-বাহিনীয়ে অনিৰুদ্ধবধসূচক হুঙ্কাৰ যতেকে ঘনাই উচ্চাৰিবলৈ ধৰিলে, বাণনন্দিনী উষাদেবীৰ নাৰীসুলভ কোমল প্ৰাণ ততেকে আতঙ্কত অস্থিৰ হৈ পৰিল। সাধ্বীমতী দৈত্যকুলকুমাৰীয়ে লাজ-জ্ঞান মান-অপমান সমস্তলৈকে আওকাণ কৰি প্ৰকাশ্যে পতিধন যদুনন্দন অনিৰুদ্ধ কুমাৰৰ কল্যাণাৰ্থে মুক্তকণ্ঠে আকুল অন্তৰে আৰু একান্ত চিত্তেৰে ঈশ্বৰস্তুতি কৰিবলৈ ধৰিলে। পতিপ্ৰাণা, প্ৰিয়তমাক অতিকৈ আকুল হোৱা দেখি, কৃষ্ণনাতি প্ৰদ্যুম্ননন্দনে পিতামহী ৰুক্মিণীদেবীৰ তদ্ৰূপ আপদকালৰ উদ্ধাৰ কাহিনী বৰ্ণনা শুনাই উষাদেবীক এই বুলি অভয় দান দিবলৈ ধৰিলে, “হে প্ৰিয়া। অধৈৰ্য্যা নহবাঁ। মোৰ কাৰণে তুমি লেশমাননা আশঙ্কা নকৰিবাঁ। মই মোৰ মহাৰথ পিতৃদেৱ প্ৰদ্যুম্ন কোৱঁৰৰ বলবীৰ্য্যেৰে বীৰ্য্যবান হৈ, মোৰ পিতামহ যাদৱ কেশৰী শ্ৰীকৃষ্ণৰ ভুৱনবিজয়ী কীৰ্ত্তিৰ প্ৰতি-উৎসাহেৰে প্ৰণোদিত হৈ, মুহূৰ্ত্তৰ মধ্যত এই দানৱবাহিনীক মষিমূৰ কৰোঁ, চাই থাকাঁ।” এই বুলি একেজাঁপে উষা-কক্ষৰপৰা নামি, বিবিধ ৰণবিদ্যা বিশাৰদ মহাতেজী মহাবাহু বৃষ্ণিকুমাৰ অনিৰুদ্ধ বীৰে অন্তঃপুৰদ্বাৰগত অতুল পৰিধ গ্ৰহণ কৰি উৰাৱত হৈ শক্ৰসেনাৰ মাজত প্ৰৱেশ কৰিলেগৈ। বাণ-বাহিনী সৈন্যগণেও গদা, অষি, মুষল, শক্তিশূল তীক্ষ্ণ বাণ আদি ৰণাস্ত্ৰৰে কুমাৰৰ অংগ ক্ষতবিক্ষত কৰি তুমুল সংগ্ৰাম