সমললৈ যাওক

পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭০
শ্ৰীকৃষ্ণ৷
 

সতীত্ব বিধিবদ্ধকৈ সুৰক্ষিত নোহোৱালৈকে তেওঁ প্ৰাণপতিৰ কুমাৰৰ আৰু নিজৰ অন্তৰৰ আবেগ এতিয়া কি উপায়েৰে পৰিতৃপ্ত কৰে? এই অপাৰ সমস্যাৰ পাৰ নেদেখি উষাদেবী অস্থিৰ হৈ পৰিল, তেওঁ ঠক্ ঠক্ কৰে তীৰকঁপে কঁপিবলৈ ধৰিলে। এনেক্ষণত, আৰৰপৰা ৰং-চাওঁতী ৰংমতী সুচতুৰা সখী চিত্ৰলেখাই বিপদবন্ধু ৰূপে পুনঃ দেখা দিলেহি। তেওঁ কিংকৰ্ত্তব্য বিমোৰা আবেগবিহলা সখীৰ অৱস্থা বুজি অনতিপলমে যুগুত ব্যৱস্থা কৰিলেহি। চিত্ৰলেখা আৰু কুম্ভাণ্ড-দুহিতা প্ৰজ্ঞাসুন্দৰী প্ৰমুখ্যে সখীসকলৰ সাক্ষ্যত ৰুক্মিণীনন্দন প্ৰদ্যুম্নতনয় কৃষ্ণনাতি অনিৰুদ্ধ কুমাৰ আৰু মহাসুৰ বিৰোচনন্দননন্দিনী (১) কুমাৰী উষাদেবীৰ দাম্পত্য সম্বন্ধ গান্ধৰ্ব্ব বিবাহবন্ধনেৰে সম্পাদিত কৰা হল। তাৰ পাচত, ছেগ বুজি সখীসকল চাঁতকৰে অন্তৰ্হিত হোৱাত, উষা-অনিৰুদ্ধৰ মধুমিলন সম্ভোগৰ সুযোগ পুনঃ উন্মিলিত হল।

 গান্ধৰ্ব্ব বিবাহৰ পাচত, দিনচেৰেক নিৰ্ব্বিবাদে আৰু নিৰাপদে উষা-অনিৰুদ্ধৰ সুখৰ দিন পাৰ হল। তাৰ পাচত, সেই আবুৰৰ মিলনৰ কথা ক্ৰমাৎ বাজ হবলৈ ধৰিলে। উষা-অন্তপুৰ ৰখীয়া বাণ-অনুচৰবৰ্গে সম্ভেদ পাই সেই বিষয়ক যথাযথ বৃত্তান্ত বাণ-ৰজাত গোচৰ দিলেগৈ। অমিত্ৰঘাতী বীৰ বলিনন্দন মহাসুৰ বাণ-নৰপতিয়ে সেই উষা-হৰণ(২) বিষম সংবাদ পাই ভীম আক্ৰোশেৰে গৰ্জ্জি উঠি, অজ্ঞাত কুমাৰ অনিৰুদ্ধৰ নিগ্ৰহাৰ্থে কিঙ্কৰসৈন্যবৰ্গক তেওঁ এই বুলি আদেশ দিলে, “যি দুষিতাত্মাই আহি চৌৰবৃত্তিৰে আমাৰ কুলচৰিত্ৰ কলুষিত কৰিছেহি সেই দুৰ্ম্মতিক তহঁতে তুৰন্তে বিনাশ কৰগৈ। অহঃ, উষা ধৰ্ষিতা হোৱাত আমাৰ এই মহৎ কুলো ধৰ্ষিত হৈছে। যি মূঢ়ই, যি অহঙ্কাৰীয়ে


(১) বাণনন্দিনী উষা। বাণ-ৰজাৰ পিতৃৰ অন্যতম নাম বিৰোচন।

(২) অসমত প্ৰখ্যাতী “উষাহৰণ’’ নাটিকাৰ এয়ে আতি-গুৰি।