পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
উষা-হৰণ
৫৬৯
 

প্ৰাণ-প্ৰতিম হিয়াৰাণী উষাদেবীক আথে-বেথে দাঙ্গি ধৰি আবেগেৰ নিশ্বাসেৰে শিৰ সুঙ্গি, এই বুলি প্ৰেম-প্ৰতিদান দিলে, “হে দেবি! হে মিতভাষিণি! হে মোৰ হৃদৰাজ্যৰ পটেশ্বৰি। মই সৰল অন্তৰেৰে সৈ লৈছোঁ, মই সঁচাকৈয়ে চোৰ। মই চৌৰবৃত্তি ধৰি সেই ৰাতি- সেই অদ্বিতীয়া ৰাতি-তোমাৰ সদনত নথৈ অপৰাধ কৰিলোঁ। সেই বাবে মই সৰ্ব্বতোভাৱে দণ্ডনীয়। এতিয়া তোমাৰ পাটলিত পৰিছোঁহি, তুমি যেই কৰাঁ সেই। কিন্তু, হে মদনমোহিনী ৰতিসতী দেবি! সেই জনৰ দশাও দয়া কৰি গমি চাবাচোন, যিজনৰ অন্তৰৰ সৰ্ব্বস্ব ঠিক সেই ৰাতিয়েই সেই ক্ষণতে তুমিও সেই চৌৰবৃত্তিৰেই হৰি অনি তেওঁক কেনেকৈ ভেলাভাৰী কৰি এৰি থৈ আহিছিল। পৰম মিত্ৰ চিত্ৰলেখা সখীয়াই অযাচিতে অনুগ্ৰহ কৰাৰ ফলত যেনিবা আজি এই দেহধাৰীয়ে তোমাৰ সদনত পুনঃ প্ৰাণ ভিক্ষা কৰিবলৈ এই অদ্ভুত ছেগ পাইছে। হে দেবি! তেওঁৰ সৰল কামনা যেন পূৰ্ণ হয়। হে সুন্দৰি! মই ইতিপূৰ্ব্বে এই সুমহৎ কন্যাপুৰ কাচিতো দেখা নাছিলোঁ, মাথোন সেই অদ্বিতীয়া ৰাতি, আৰু সেই অদ্বিতীয়া অদ্ভুত সপোনৰ মায়াৰ আৱেশে তুমি হৰি আনি ইয়াত-এই ঠিক সেই অন্তঃপুৰ-সোণৰসজাত মোৰ প্ৰাণপখীক বন্দী কৰাৰ আগেয়ে মই এই সুৰম্য পূৰি সপোনতো দেখা নাছিলোঁ। প্ৰাণেশ্বৰি! এতিয়া তোমাৰ শৰণাগত হৈছোঁহি, তুমি প্ৰসন্না হোৱা।” এই বুলি অনিৰুদ্ধ কুমাৰে প্ৰগাঢ় আলিঙ্গন দি উষাদেৰীক সাৱটি ধৰি প্ৰেমগদগদ হৈ ঘনউশাহ সলাবলৈ ধৰিলে!

 উষাদেবী বিমোৰ! তেওঁৰ মহা সমস্যা উপস্থিত। উপস্থিত আবেগৰ সন্মিলনত তেওঁ কি কৰে এতিয়া? লোকৰঞ্জককৈ বাহ্যিক স্বামীত্ব লাভ হোৱাৰ আগেয়ে তেওঁ কুমাৰৰ হাতত দিঠকত সতীত্ব অৰ্পণ এতিয়া কৰে কি মতে? যি সতীত্ব ৰক্ষাৰ্থে তেওঁৰ কঠোৰ ব্ৰহ্মচৰ্য্য, সেই