পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

bres আৰু ডেকাসকলে প্ৰভাস-সলিল সাতুৰিনাদুৰি বিবিধ জলক্ৰীড়া কৰিবলৈ ধৰিলে! প্ৰৌঢ়বৰ্গ বিবিধ বিধানৰ বীৰৰচিত ৰং-ধেমালি, আমোদ-প্ৰমোদত মগ্ন হল। আনন্দভোজৰ আমোজন কৰোতাসকল পৰমউলাহেৰে লাগতিয়াল দিহাকৰণত প্ৰবৃত্ত হল। সমবেত যাদৱমণ্ডলীৰ উলাহ-আনন্দৰ পাৰ নোহোৱা হল। প্ৰভাসযাত্ৰী সকলোৰেই আপোন পাৰ হৈ আনন্দত উলীকৃত; মাথোন ৰামকৃষ্ণ সেই আনন্দ- ভুৎসৱত নিৰ্লিপ্তভাৱে স্থিৰ, ধীৰ, চিন্তাযুত; দুয়ে একাষৰীয়াকৈ লগ লাগি নিলে কি গুণিছে, কি পাডিছে, কি কোৱা-মেলা কৰিছে, আনে তাৰ সম্ভে পোৰ নাই;-স্বৰূপত, সিবিলাক দুজনলৈ মন কৰিবলৈ, সিবিলাকৰ মতিগতিৰ প্ৰতি লক্ষ কৰিবলৈ আনন্দবিহ্বল আনবিলাক যাদবৃন্দৰ অৱকাশ নাই। তাৰ পাচত, মহানন্দৰ ঢৌ ক্ষন্তেকলৈ মাৰ নিয়াই প্ৰভাসৰ পুণ্য সলিলত যথাবিধি মান-আহ্নিক আৰু নিত্যনৈমিত্তিক ক্ৰিয়া সমাপন কৰি উঠি, সুপ্ৰশস্ত প্ৰভাসতীৰত মণ্ডলাকাৰ হৈ সমবেত যাদবৃন্দ আনন্দভোজত বহিল। বিবিধ ৰুচিৰ বিবিধ আহাৰাদি পৰম তৃপ্তিৰে ভোজন কৰা হল। তাৰ পাচত, বাণী ফটিক কলহে-কলহে বাকি তিলাওৰ শুকান কোৰোকাৰে সৈতে সবাৱৰে আগে আগে ফটিকাপাত্ৰত দিয়া হল। কোনো কোনো হুতাহীয়ে, সৰু পাত্ৰত পিতৃপ্তি নাপাই, লাওৱেলাওৱে হাতে-হাতে একোলাও লাওপানী (১) লৈ হেঁপাই (১) “লাওপানী আধুনিক অসমৰ অসভ্য অনাৰ্য জাতিৰ সৃষ্ট পদাৰ্থ নয়; পৌৰাণিক যুগৰৰ পূৰ্বৰ সুসভ্য জাৰ্য জাতিৰ সৃষ্ট পদাৰ্থ হে:- “অথ তে তজ্ঞা ভু। পাচ বাণীং। তয়াৰিংণিতজ্ঞনা দুক্তেৰণও।” মাগৱত, তৃতীয়, চতুৰ্থ অধ্যা, ১ম লোক।