পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শ্ৰীকৃষ্ণ। দেৰে প্ৰস্তাব কৰিলে যে, ব্ৰহ্মশাপ মোচনাৰ্থে (১) যাদবৰ্গে কেদিনমান প্ৰভাস-তীৰ্থত এটা জাতীয় যজ্ঞানুষ্ঠান উপলক্ষে স্নানভোজন আদিৰে সৈতে আনন্দ-উৎসৱ কৰিবগৈ লাগে আৰু সেই যাত্ৰাত মাথোন চেমনীয়া, ডেকা আৰু আদহীয়া পুৰুষ হে যাব লাগে; লৰ তিৰতা আৰু বুঢ়াসকল যোৱাৰ প্ৰয়োজন নাই। প্ৰস্তাব সাদৰে গৃহীত হল। বিশেষকৈ, ডেকা আৰু আদহীয়া দল উলীকৃত হৈ ওলাল। সিবিলাকে প্ৰস্তাবিত আনন্দ-ভোজৰ অনুপানাৰ্থে শশ কলহ ফটিকা মহোলাহেৰে মানুহতকৈ আগধৰি পঠিয়াই যথাস্থানত যুগুত কৰালে। তাৰ পাচত, শ্ৰীকৃষ্ণদেৰৰ অনুগামী হৈ বৃষ্ণি, ভোজ প্ৰমুখ্যে সদৌ যাদৱ ফৈদৰ উধত স্বভাৱৰ কোৱৰবিলাকে প্ৰভাস-তীৰ্থলৈ মহা আড়ম্বৰেৰে যাত্ৰ (১) “পুৰ্য্যা কাচিৎ ক্ৰীড়দ্ভিদুভোজ কুমাৰকৈ। কোপিতা মূন শেপুৰ্ভগবতকোবিদ। ততঃ কতিপয়াসৈবৃষ্টিভেজন্ধকায়। বযুপ্ৰাসং সংহৃষ্টাৰথৈদে বৰিমোহিতা।” -এমাগত তৃতীয় স্কন্তু, ও আধ্যা,২০ শ্লোক। —অৰ্থাৎ, ভগৱান ৰা-কৃষ্ণৰ অন্তৰত যি কত বৈৰাগ্যভাব উদয় হোৱাত যদুকুল সংৰণৰ ইচ্ছা প্ৰৱল হৈ উঠে, সেইত যদুবংশীয় বৃষ্টি আৰু ভোজ দৈীয়া কুমাৰগণে লালা, প্ৰবঞ্চনা, ইতিকিং আদি কৰি ব্ৰাহ্মী যিসকলৰ কোপানল এলিত কৰে; সেই আপাহতে ঋযিসকলে ভগৱানৰ অভিলায় উপলব্ধি কৰি যদুবংশ ধ্বংস হওক বুলি অভিশাপ প্ৰদান কৰে। তাৰ পাচত, অনতিপলমে ব্ৰহ্মশাপ ফলিওৱাৰ নিদৰ্শন স্বৰূপ আৰকাপুৰীত বিবিধ কৰিষ্ট দৰ্শন হবলৈ ধৰিলে। ইতিহেগতে, শ্ৰীকৃষ্ণৰ প্ৰস্তাৱত মোহিত বৃষি, ভোজ, অন্ধক কৈ প্ৰমুখ্যে যদুবংশৰ ডেকা আৰু আদহীয়া কুমাৰগণে অৰিষ্টৰ শান্তি কামনা উপলক্ষে উলীকৃত হৈ এস-তীৰ্থলৈ যাত্ৰা কৰিলে।