পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যদুবংশ ধ্বংস। আত্মীয়-কুটুদিৰ বিনাশন কামনা কৰা হল (১)। তাৰ পাচত, মান- লীলানুকাৰী বাসুদেৱৰয়ৰ অন্তৰত গাৰ্হস্থ্য বিষয়-সন্তোগত বৈৰাগ্য উদয় হল।(২) আনহাতে, যদুবংশৰ ভি ভি ফৈদৰ মাজত পৰম্পৰৰ প্ৰতি বিদ্বেষভাব ক্ৰমাৎ প্ৰৱল হৈ উঠিল। সিবিলাকৰ মাজত সততে আত্ম- কদল নগুচা হল। ইজনৰ প্ৰতিপতিলৈ সিজনে ঈৰ্যাভাৱে চাবলৈ ধৰিলে। ইখেলে সিখেলক তল পেলাই উধাবলৈ ষড়যন্ত্ৰ কৰিবলৈ পৰিলে। প্ৰত্যেক খেলেই মইমতীয়া ভাবত উধাও হৈ কাকো-কোনেও গণিতা নকৰা হল। ৰাম আৰু কৃষ্ণত বাজে সেই দুৰ্দম খেলবিলাকক দমাওঁতা নোহোৱা হল। তদুপৰি, যাদৱ কোৱৰবিলাক দোৰ্ঘোৰ মদপী হৈ উঠিল; সিবিলাকে অপৰিমিতকৈ ফটিকা পান কৰি প্ৰজাবৰ্গক অত্যাচাৰ কৰিবলৈ ধৰিলে। আন কি, সেই অনাচাৰিতা ইমন অতিপাত আৰু অসহনীয় হৈ উঠিল যে, শেহান্তত ফটিকা স্পৰ্শ কৰোতাৰ প্ৰাণদণ্ড হোৱা বিধানেৰে কঠিন আইন জাৰি কৰিব লগীয়া হয় (৩)। আচল উদ্দেশ্য কি, কেৰে কৰ নোৰাৰে, কিন্তু যাদৱশ্ৰেষ্ঠ শ্ৰীকৃষ্ণ (১) “মিথে যদৈবাং ভবিতা বিবায্যে মামা ভাবিলোচানা। নৈং বযোপায় ইয়াতাইতো ম্যুদতেহতে স্বয়ং মু।” শ্ৰীমদ্ভাগবত, তৃতীয় ক্ষয় তৃতীয় আখ্যা, ১৫ কে। (২) তস্যৈ ৰমণ সম্বংসৰগণ বস্তু। গৃহমেখে যোণষু বিৰাগঃ সময়ত। এমতাগত, তৃতীয় স্কন্ধ, তৃতীয় আখ্যা, ২ স্লোক। (৩) মহাকাৰ, মুলা, ১ম অ্যা।