সমললৈ যাওক

পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

bot হৈ দৈৱকীৰ অষ্টম গৰ্ভজাত বাসুদেৱে ভালেমান দিন নিয়ালে। বাল্য সুমৰণত নন্দনন্দন গোপাল কৃষ্ণই যশোদা ‘আই’ৰ অঙ্ক শোভা কৰে; যৌৱন সুমৰণত কংস-চানুৰমৰ্দন মধুসূদন জনাৰ্দন বীৰমত উদ্দীপ্ত হয়। প্ৰৌঢ় সুমৰণত হৰি-হৰ ৰণজয়ী কুৰুক্ষেত্ৰ-ধৰ্মযুদ্ধৰ নেতা অসাধাৰণ ৰণপণ্ডিত অদ্বিতীয় ৰাজনৈতিক মহাপুৰুষ সৰ্বশাস্ত্ৰবিশাৰ আদৰ্শ ধৰ্মগুৰু গীতাশ্ৰষ্টা ভগৱন্ত শ্ৰীকৃষ্ণই স্বৰ্গমৰ্তক একাকাৰ কৰে। এইদৰে সুখ-সোৱঁৰণীৰ দুৰ্ব্বীণেৰে, সুপ্ৰতিষ্ঠিত সাগৰৰক্ষিত দ্বাৰকা নগৰীৰপৰা একান্তচিতেৰে, সংস্থাপিত সমগ্ৰ ভাৰতৰ ধৰ্মৰাজ্যলৈ চাই চাই অপাৰ আনন্দত ওপঙি আপোন-পাহৰা হৈ, মুকুটনিপিন্ধা ৰজা বাৰকেশ্বৰ শ্ৰীকৃষ্ণই বহুকাল কটালে। সৰুৰেপৰা ৰাম আৰু কৃষ্ণ ছাঁ আৰু গা যেন। এজনৰ মতিগতি আনজনত অতৰ্কিতভাৱে বিকসিত হয়। কৃষ্ণৰ ভাৰত ৰাম সততে তন্ময়। গতিকে, কৃঞ্চ সমাধিস্থ হোৱাত, ৰাম প্ৰভাৱতে যোগাড় হল। দুইৰ মনত একেটা ভাব সমভাৱে উদ্দীপ্ত হৈ উঠিল

দুয়ো

ধৰ্মৰাজ্য সংস্থাপন সংপূৰণ কৰিবৰ অৰ্থে চিন্তালোচনাত ধৰিলে। ভীষ্মদ্ৰোণ আৰু ভীম-অৰ্জুনৰ সংঘৰ্ষণত অষ্টাদশ অক্ষৌহিণী সেনা ধ্বংস হোত, দুয়ো একমত হৈ দেখিলে যে, বাহিক দৃষ্টিত ধৰ্মৰাজ্য নিয়াৰিকৈ সংস্থাপিত হৈছে হয়, কিন্তু সিবিলাকৰ নিজৰ ভিতৰতে অধৰ্মৰ প্ৰাদুৰ্ভাব ক্ৰমাৎ চৰিবলৈ হে ধৰিছে (১)। গতিকে, ইয়াৰ কি প্ৰতিকাৰ কৰা উচিত, সেইবিষয়ে সিবিলাক দুয়ে নিলে গুলিবলৈ ধৰিলে। মাজে মাজে সেই উদ্দেশ্যে দুয়ো উদাৰ আৰু উদাস ভাৱে (১) “কিয়ান ভুবোহৰং ক্ষপিতোৰুৱাৰে। বলো+ভীষ্মৰ্জ্জুন-ভীম লৈঃ। অষ্টাদশাক্ষৌহিণকে মদলৈৰান্তে বলং দুৰ্বিবহুং যদুনাং -শ্ৰীমদ্ভাগৱত, তৃতীয় ৰুক্ষ, তৃতীয় অধ্যা, ১০ খোক।