পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যদুবংশ ধ্বংস। ২৭ সৰ্বশাস্ত্ৰবিশাৰদ সম্পূৰ্ণ আদৰ্শ মানৱ শ্ৰীকৃষ্ণই সমভাৱে শিক্ষা, জ্ঞান আৰু দীক্ষা দানেৰে পতিত ভাৰতক উদ্ধাৰ কৰে। ইত্যাদি অসাধাৰণ কাৰ্য্যৰ বাবেই তেওঁ মহামতি ভীষ্মদেৱৰ মুখে এইবুলি পুজিত হয়, “যতে কৃষ্ণ ততে ধৰ্ম; যতে ধৰ্ম ততে জয়” (১)। শ্ৰীকৃষ্ণৰ নিষ্কাম কামনা সিদ্ধি হল ধৰ্মপক্ষীয় পাণ্ডৱৰ উদ্ধাৰ হল, অধৰ্ম্মপক্ষীয় কৌৰৱৰ পতন হল, ভাৰতত পুনৰপি ধৰ্মৰাজ্য সংস্থাপিত হল, পৃথিৰীৰ অধৰ্ম্ম-ভাৰ অপনোদিত হল (২)। ভগৱন্ত শ্ৰীকৃষ্ণই পৃথিবীৰ মানৱ, স্বৰ্গৰ দেৱতা, নিজৰ আশ্ৰিত যাদৱবৰ্গক আনন্দিত কৰি বিহাৰ কৰিছিল; ব্ৰৰ গোপিনীবৰ্গে জোনাক ৰাতি শ্ৰীকৃষ্ণৰ লগত বিহাৰ কৰি অতৃপ্ত তৃপ্তি লাভ কৰিছিল; কিন্তু লীলাময় শ্ৰীকৃষ্ণই গোপিনীৰ প্ৰেমত বশীভূত নহৈ, ক্ষন্তেকলৈ মাথোন সৌহাৰ্দ বিকাশ কৰিছিল (৩)। ধৰ্মৰাজ্য সংস্থাপিত কৰি, হস্তিনাপুৰত সমগ্ৰ ভাৰতৰ ৰাজধানী পাতি, ধৰ্ম-যুধিষ্ঠিৰক ভাৰতৰ একছত্ৰী সাৰ্বভৌম ভূপতিৰ সিংহাসনত থিতাপি কৰি আহি, আদৰ্শ মহামানৰ ভগৱান শ্ৰীকৃষ্ণই ভাৰতৰ পছিল প্ৰান্ত দ্বাৰকাত একাষৰীয়া হৈ, আত্মকৃত কাৰ্য্যৰ স্মৃতিসমালোচনামূলক মহাযোগত ৫) নগ্ন হল। সেই যোগত, সেই কৰ্ম্মত কেশৱৰ অপাৰ আনন্দ। সেই আনন্দ উপভোগ কৰি মাধৱ শ্ৰীকৃষ্ণ পৰমানন্দ। সেইপে পৰমান হৈ কৃষ্ণ গোবিন্দই বহুদিন কটালে। সেই স্মৃতিত পুলকিত (১) এই সি, মন্তব্যৰ বিষয়ে ওপৰত কেইবাটাও প্ৰসঙ্গত উনুকিয়াই (২) মাগত, তৃতীয় স্কা, তৃতীয় অধ্যা, ১২নোক। (৩) মাগত, তীৰ , তৃতীয়া, ২১ লোক। ৩)। সমাসীৰ তলত বোগ নং সাংসাৰিক কৰা। নিকা গেই এক বোগ।