দুৰ্য্যোধনবধ। ১ তোমাৰ মনে ধৰে তাৰে সৈতে থৈ ৰ দিয়াহি। মই এতি হৈছে, পঞ্চপাণ্ডৱৰ ভিতৰৰ যেই-সেই এজনক তুমি বধ কৰিৰ পাৰিলেই কুৰুক্ষেত্ৰৰণৰ জয়লাভ তোমাৰ হব, আৰু সেই অনুসাৰে তোমাৰ ৰাজ্য তোমাৰেই হব; আমি পুনৰপি কনবাস খাটিমগৈ (১)। এতেকে আহ, ক’ত আছা ওলাই আহ, ধৰ্ম্মযুদ্ধত লাগি যোৱাহি। নাইবা, তুমি অক্ষত্ৰিয়, কাপুৰুষ!” যুধিষ্ঠিৰৰ মুখৰ গ্লানিয়ে মহা অভিমানী কৌৱৱৰাজ দুৰ্যোধন ধ্যানভঙ্গ কৰিলে। তেওঁ হ্ৰদৰ বুকুৰপৰা গম্ভীৰ গৰ্জ্জনেৰে এইবুলি সমিধান দিলে, “বাৰু, ৰবা, গৈছে; মই এজন-এজনকৈ তোমালোক আটাইকেইজনকে যমৰ আলহী কৰি, তোমালোকৰ তেজেৰে ভী দ্ৰোণ, কৰ্ণ আৰু মোৰ ভাতৃবৰ্গৰ তৰ্পণ কৰিমগৈ। কিন্তু যুধিষ্ঠিৰ। মই ৰাজ্যৰ পণত আৰু ৰণ নকৰোঁ; মই ৰাজ্য তোমাক দান কৰিছে। যোৱা, সেই মৰিশালিৰাজ্যত তুমিয়েই সুখেৰে ৰাজপাট খোৱাগৈ। তেনে ৰাজ্যৰ অধিপতি হবলৈ দুৰ্যোধনে কামনা নকৰে। যুধিষ্ঠিৰে সগৰ্বে এই বুলি উত্তৰ কাটিলে, “জান, দুৰ্যোধন! মই তোমাৰপৰা ৰাজ-দান নিবিচাৰোঁ। মই বুকু ডাঠি পুনৰপি কওঁ আহ, যুদ্ধ দিয়াহি। তুমি আমাৰ ভিতৰৰ এজনক বধ কৰিব পাৰিলেই তোমাৰ ৰাজ্য তোমাৰ হব আমি আকৌ বনবাস খাটিমগৈ।” দুৰ্যোধনে লফিয়াই পিয়াই উত্ৰাৰণ হৈ আহি পাগল সমুখত অকলশৰীয়াকৈ থিয় দি বাঘৰ দৰে জৰি এই বুলি [N বিচাৰিলেহি, “মোৰ লগত মোৰ দেহা লগৰীয়া গদা মাখোন বৰ্তমান এতেকে মই গঙ্গা-যুদ্ধহে দিম। তোমালোৰ ভিতৰত কোলে (>) tem, Walt
পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৭৭
অৱয়ব