পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এখন অটৰ অৰণ্যৰ মাজত এটা হ্ৰদ (১) দেখা পালে। তাতে তেওঁ যোৰাৰপৰা নামি, কানত গদা লৈ, হ্ৰদত জপ দিলে। তাৰ পাচত, সেই হ্ৰদৰগৰ্ভস্থিত এটা জলপানি ঢিপৰ ওপৰত আসন পাতি বহি দুৰ্য্যোধন ধ্যানমগ্ন হল (২)। পাণ্ডৱৰ যুদ্ধত জয়লাভ হল। কিন্তু পৰাজয় স্বীকাৰ কৰিবলৈ কেও নল! আন নহওক, কিন্তু বিপক্ষীয় যুদ্ধকৰ্তা দুৰ্য্যোধন ৰণত নপৰাকৈ, বা জীৱিত অৱস্থাত থাকি, পৰাজয় স্বীকাৰ নকৰাকৈ অয়লাভ খাতাং হব নোৱাৰে। গতিকে, শ্ৰীকৃষ্ণৰ পৰামৰ্শ অনুসৰি, পাণ্ডৱসকলে দুৰ্য্যোধনক বিচাৰি খলক লগালে, কিন্তু ক’তত তেওঁৰ সন্ধান নাপালে। সদৌশেহত, এজন চিকাৰীৰ মুখে সম্ভেদ পোৰা গল যে, কৌৰৱৰাজ পূবমুখে ঘোঁৰাচুটি মেলি এখন অটব্য অৰণত প্ৰৱেশ কৰিছেগৈ। পাণ্ডৰ ৰণুৱাসকলে সদলে সেই মুখেই উত্ৰাৱল হৈ খেদি গৈ, সেই হ্ৰদৰ পাৰত উপস্থিত হৈ, দুৰ্যোধনে এৰি যোবা চেৰাৰী ঘোঁৰাটো পালেগৈ। কিন্তু পলৰীয়া ৰজাৰ আন চিমোকাম একো নাপাই আকৌ হতাশ হল। এনেতে, আকৌ কৃষ্ণ-বুদ্ধিৰ উপকাৰ পোৱা গল; দুৰ্যোধনৰ উদ্দেশে নিজানে নিজানে পাণ্ডৱৰাজ যুধিষ্ঠিৰে গৰিহণাসূচক বাক্যেৰে চিৰি চিৰি এইবুলি ৰৈ যুঁজলৈ দুৰ্যোধনক আহ্বান কৰিলে, “হে দুৰ্য্যোধন। তুমি কুৰুকুলৰ কুলাঙ্গাৰ হৈ আমাৰ অখ্যাতি আনিল, যোদ্ধা হৈ যুঁজলৈ ভয় কৰাৰ সমান অধৰ্ম- অখ্যাতি আৰু আন একো হব নোৱাৰে। ই কদাপি ক্ষত্ৰিমোচিত কাৰ্য হব নোৰাৰে। যদি তুমি নিভা ক্ষত্ৰিয় হেয়, তেতে কত আহ, ওলাই আহ। মাহি, আমি পাঁচ-পাণ্ডৰৰ ভিতৰৰ ফাকে » এ নাম বৈপায়। ১ এমিতে বোৰে হিৰ গুলি থিয় তৈৰি।