পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯। আধ্যা। দুৰ্য্যোধন-বধ। ৰূপত, কণৰ পতনৰ লগতে দুৰ্যোধনৰ শেহ ভাৰসাৰপতন; কুৰুক্ষেত্ৰ-মহাৰণত জয়লাভ কৰি কুৰুৰাজ্যত একাধিপত্য স্থাপন কৰা তেওঁৰ মনৰ কামনা মনতে মাৰ গল। তথাপি, তেওঁৰ অত্ৰগুৰু কাচাৰ্যৰ উদগনি আৰু উপদেশ অনুসৰি, মৰাজ শল্যক খাই সেনাপতি পাতি, বাকী থকা যোদ্ধাবৰ্গক আৰু এদিন ৰণত লগাই তেওঁ মন পতিয়াই চাইছিল। পিচে, এতিয়া তেওঁৰ এই শেষবাৰৰ অন্ত পৰিল; মাথোন কৃপাচাৰ্য আৰু অশখা এই দুজন ব্ৰাহ্মণ সেনানায়ক আৰু কৌৰৱ পক্ষীয় যাদৱ নেতা কৃতবৰ্মা আদিকা ৰলগৈ। সিবিলাকে এতিয়া পাখিহীন পখীৰ নিচিনা—সেনাপতি-সেনানায়। সদৌশেহত সিবিলাক তিনিজনো ছত্ৰভঙ্গ হোৱাদি হৈ দিহাদিহি কোনোবা-কেনিবাদি আঁতৰ হল। ৰণক্ষেত্ৰত কৌৰৱ সেন সমূলষ্ণে নাথাকিল,থাকিল মাথোন অকলশৰে দুৰ্য্যোধন! তেওঁৰ মূৰত আকাশ ভাগি পৰাৰ নিচিনা হল। তেওঁ এবাৰ ৰা পৰে, এবাৰ শেতা পৰে, এইদৰে ঘনাই বৰণ সলাই ৰিণ পৰি আহিল। শেহাত সমূলি বিমোৰ হৈ লাফমাৰি এটা ঘোঁৰাত চৰি, কানত এহাতে নিজৰ দেহৰখীয়া গদা, আৰু আনহাতে ঘোঁৰাৰ লোম ধৰি অটব্য অৰণ্যৰ মুখে ঘোঁৰা-চুটি মেলাই নিমিষতে নেদেখা হল। গৈ গৈ তেওঁ