পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ot মৰউৎসাহত মৰোজীকৈ লাগিছে, কিন্তু কোন হাৰে কোন্ দিকে তাৰ একো চি পোৱা নাই। পিচে, এজন-এজনকৈ কৌৰৰ সেনাপতি ৰত পৰিবলৈ ধৰিলে। পোনেই চিত্ৰসেন পৰিল, তেওঁৰ লগতে সত্যসেন আৰু সুৰেণ পৰিল। তাৰ পাচত শাৰ, তাৰপাচত শকুনি এই অনুক্ৰমে পতন হৈ আধ্যা পৰি আহিল। বাকীৰলগৈ মাথোন কৃপাচাৰ্য্য, কৃতবৰ্মা, অশ্বত্থামা আৰু দুৰ্যোধন সেনা ৰলগৈ এবাৰ অক্ষৌহিণীৰ অৱশিষ্ট এঘাৰ হাজাৰ! সেই অৱশিষ্ট ভাগে অবস্থা বুজি ব্যস্থাৰত এৰি, ৰণলৈ পিঠি দি উধাতু খাই হস্তিনাপুৰৰ মুখে উফৰি, পলাই-পত্ৰ দিলে, পিছে পিচে জিকাৰু পাঞ্চাল সেনাই খেদিবলৈ ধৰিলে। ইমানতে, দিনৰ অৱসানত, ৰণৰ হেতুবন্ধন অনুসৰি, সেই দিনৰ ৰণৰ সামৰণি পৰিল। সেই দিনা কুৰুক্ষেত্ৰ মহাৰণৰ সপ্তদশ দিন। পাণ্ডৰ পক্ষে মহা উলাহেৰে শিৰিৰলৈ উলটি গৈ গগণভেদী জয়ধ্বনি তুলিলেগৈ। কৌৰৱ শিৰিৰ ৰামুৱা হৈ জয় পৰিল। (১) (১) মহাভাৰত, শল্যপৰ্ব, ৩য় অধ্যা।