পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শল্য, শা, শকুনি, চিত্ৰসেন আদিৰ পতন। boy যি দোষৰ চেক লাগিছিল, তাৰ অপনয়নৰ অৰ্থে চিন্তামণি শ্ৰীকৃষ্ণই চিন্তিব লাগিছে। এনেতে, শল্যৰ সেনাপতিত্ব এহণৰ সংবাদ আহিল। বাসুদেৱে চিন্তি পালে যে, এই ছেগেই ছেগ, এই ছেগত যুধিষ্ঠিৰত ৰণৰ নেতৃত্ব আৰোপ কৰি তেওঁৰ নামে শল্যবধৰ কীৰ্তি ৰাখি পাখপতি অপযশ খণ্ডোৱা বাঞ্ছনীয়। এই ভাবি, শ্ৰীকৃষ্ণই পিচদিনাৰ ৰণত নেতৃত্বৰ বাৰ গ্ৰহণ কৰিবলৈ যুধিষ্ঠিৰক পৰামৰ্শ দিলে। সেই পৰামৰ্শ পাণ্ডৱ শিৰিত সাদৰে গৃহীত হল। পিচদিনা পুৱাতে শল্য সেনাপতিয়ে বিশেষ আড়ম্বৰেৰে তেওঁৰ মনোমত ৰণব্যুহ ৰচনা কৰি কৌৰৱ যোদ্ধাসকলক যথা যথা স্থানত নিয়োগ কৰিলেগৈ। সিফালে পাণ্ডৱৰ পক্ষেও যুধিষ্ঠিৰৰ অনুজ্ঞা অনুসৰি, অৰ্জ্জুনে বিচিত্ৰ ব্যুহ ৰচনা কৰিলে। যথাসময়ত দুয়োদল মুখামুখি হলহি, আৰু অনতিপলমে যুদ্ধ আৰম্ভ কৰা হল। শল্যৰ সাহায্যত কৃতবৰ্মা, অশ্বখমা, শা, শকুনি, চিত্ৰসেন, সত্যসেন, সুৰেণ এই কেইজন কৌৰৱ সেনাপতি নিৰপিত ঠাইত সাজু হলহি অৰ্জুনৰ লক্ষত কৃপাচাৰ্য থাকিল; যুধিষ্ঠিৰৰ সাহায্যত ভীমসেন, ধৃষ্টজ, নকুল, সহদেব, সাত্যকি এইসকল পাণ্ডৱ যোদ্ধা সাজু হৈ আগ বাঢ়িল ৰথা অৰ্জ্জুনক লৈ সাৰথি শ্ৰীকৃষ্ণই, সঙ্কটৰ সহায় স্বৰূপ ৰ তত্ত্বাৱধাৰকৰ বাৰ লৈ, সতৰ্কতাৰে সৈতে দুয়োপক্ষৰ কাৰ্য আৰু গতিগোত্ৰ লক্ষ কৰিবলৈ ধৰিলে। যথাবিধি ৰ লাগি উঠিল। শল্যৰে সৈতে যুধিষ্ঠিৰে, অশ্বখমাৰে সৈতে ভীমসেনে কৃতবৰ্মাৰে সৈতে সাত্যকিয়ে, চিত্ৰসেনৰে সৈতে নকুলে, শকুনিৰে সৈতে সহদেবে, দুৰ্য্যোধনৰে সৈতে ধৃষ্টদ্যয়ে প্ৰতিবোগিতা পাতি দুয়ো জলে তুমুল সংগ্ৰাম পাতিলে। বহুপৰলৈকে ৰণ লাগিবই লাগিছে উতপৰ সংখ্যাত সেনা ৰণত পৰিব লাগিছে। দুমোদলে মৰসাৰ, মৰ