পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪। আধ্যা। শল্য, শা, শকুনি, চিত্ৰসেন আদিৰ পতন। বাই সেনাপতি মহাবীৰ কৰ্ণৰ পতনৰ লগতে দুৰ্য্যোধনৰ আশী- ভৰ সকলোৰে পত্ন ঘটিল। তেওঁ জয়লাভৰ আশাত জলাঞ্জলি দি নিৰাশ হৈ বহিল। সেই ছেগতে, ভবিষ্যত মঙ্গল গণি তেওঁৰ অস্ত্ৰগুৰু কৃপাচাৰ্যই সন্ধি স্থাপনৰ অৰ্থে দুৰ্য্যোধনক উপদেশ দি চাইছিল (১); কিন্তু মহা অভিমানী কৌৰৱৰাজ দুৰ্যোধনে সেই সদুপদেশ সদৰ্পে দলিয়াই পেলালে। তেওঁ দাম্ভিক চিতেৰে এই বুলি কৈ উঠিল, “হয় ৰণত জয়লাভ, নহয় ৰণত পতন; ইয়াত বাজে মোৰ অন্য পণ হব নোৱাৰে। এইবুলি, একেচাবে উঠি গৈ, দুৰ্যোধন মৰাজ শল্যবীৰৰ কাষ চাপি তেওঁক ঘাই সেনাপতি বাৰ যাচিলেগৈ। কৰ্ণ ৰণীৰ সাৰথি হৈ শল্যবীৰৰ যি অভিমান খৰ্ব্ব হৈছিল, সি পুনৰন্দীপ্ত হৈ উঠিল। তেওঁ ততালিকে দুৰ্য্যোধনে যা কৰা সেনাপতিৰ বাৰ গ্ৰহণ কৰি মহাদৰ্পে এই বুলি আফালি উঠিল, শল্য জীবিত আছেনে দুৰ্যোধন সমূলি হাতগি হোৱা নাই”। ইয়াকে কৈ, তেওঁ অনতিপলমে ৰণলৈ সাজু হল। ইফালে পাৰ শিৰিৰতে পিচদিনাৰ ৰণত কোনে কি নেতৃত্ব এহণ কৰিৰ তাৰ আলোচনা চলছে। আগদিনা কৰ হাতত বিষমকৈ বাটি কত পিঠ দেখুৱাৰ বাবে যুদ্ধকৰ্তা যুধিষ্ঠিৰৰ গাত ১) গৰ, পণ্য।