পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কব। এনেতে, উত্তৰ প্ৰান্তৰপৰা উৎসাহৰ জয়ধ্বনি আৰু হতাশৰ হাহাকাৰ উঠিল—সেইফালেই শত্ৰুবিনাশ কৰি বাট উলিয়াই লৈ, কৃষ্ণাৰ্জনে পুৰপি ৰণকেন্দ্ৰত প্ৰৱেশ কৰিলেহি। শ্ৰীকৃষ্ণৰ সঙ্কেত অনুসৰি অৰ্জুনে পোনেই কৰ্ণ সেনাপতিৰ অন্যতম পুত্ৰ বৃষসেনক আক্ৰমণ কৰি ৰণত পেলালে। পুত্ৰক ৰণত পৰিবৰ দেখি, কণ বীৰ ক্ৰোধান্ধ হৈ অৰ্জুনৰ সমুখীন হলগৈ। দুই মহাৰথীৰ মাজত তয়াময়াকৈ ভয়ঙ্কৰ ৰ লাগি উঠিল। এনে ভয়ঙ্কৰ ৰণ কুৰুক্ষেত্ৰ মহাৰণৰ সংস্ৰৱত আগেয়ে কেতিয়াও হোৱা নাছিল। দুইলৈকে দুয়ো চৰা। কেৱে কাকো হটাৰ পৰা নাই। দুয়ে অজস্ৰ বাণ বৰ্ষণেৰে আকাশ ছাতি পেলাইছে। দুয়ে দলৰ অসংখ্যাত সেনা ৰণত পৰিব লাগিছে, কিন্তু কাৰ্জুনৰ ভিতৰত কেৰে কাৰৰ প্ৰাণ লবলৈ সমৰ্থ হোৱা নাই। এনেতে, কৰি ৰখৰ চকৰি এটা তেজৰ বোকাত সোমাই লাগি ধৰিল। তেওঁ অচল হৈ পৰিল। গতিকে, কইৰথৰপৰা জাপ মাৰি নামি সেই চকৰি উলি উলিয়াবলৈ প্ৰাণকাতৰে যত্ন কৰিবলৈ ধৰি, অৰ্জুনক ক্ষন্তেক ক্ষান্ত হবলৈ এই বুলি অনুৰোধ কৰিলে, “হে অৰ্জুন। মই হঠাৎ বিপন্ন। মই এই ৰখ-চকৰি বোকাৰপৰা উলিয়াই লওঁমানে ক্ষন্তেক ক্ষান্ত হোৱা, মোৰ প্ৰতি বাণ প্ৰহাৰ নকৰিবা। কিয়নো, বিপন্ন আৰু নিৰ যোদ্ধাৰে সৈতে যুদ্ধ কৰাটো ৰণ-নীতিৰ বহিৰ্ভূত কাৰ্য। তুমি ৰীৰৰ সন্তান, আৰু তুমি নিজেও এজন প্ৰখ্যাত বীৰ; এতেকে ক্ষত্ৰিয় ধৰ্ম- মতে নিষিদ্ধ যুদ্ধ নকৰি, ন্যায্য আৰু ধৰ্মযুদ্ধলৈ ক্ষন্তে অপেক্ষা কৰাঁ। মোক এই নিৰ আৰু বিপন্ন অৱস্থাত ৰাণাঘাত বা আঘাতেৰে বধ কৰিলে তোক মহাপাপে চুব। এতেকে, ক্ষন্তেক জান্ত, হোৱা।” কে ক্ষান্ত হবলৈ অৰ্জ্জুনক ওপউপৰিকৈ অনুৰোধ কৰি