পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

bos শ্ৰীকৃষ্ণ। যে পাপ খণ্ডি গল। কিন্তু আজ ওজনক অপমান কৰা পাপৰপৰা মুক্তিলাভৰ অৰ্থে অৰ্জুন আত্মহত্যাৰ নিমিত্তে প্ৰস্তুত হল। শ্ৰীকৃষ্ণ আকৌ এটা সমস্যা ভঞ্জনৰ জঞ্জালত পৰিল। তেওঁ ততালিকে অৰ্জুন এই বুজনি দিলে যে, আত্মশ্লাঘা কৰিলে তেনে পাপ খণ্ডন হোৱাৰ বিধি আছে। সেই অনুসৰি, অৰ্জ্জুনে নিজে আত্মবল-গৌৰৱ বথানি সেই পাপ মোচন কৰিলে (১) ইফালে পাণ্ডৱ শিৱিৰত কৃষ্ণাৰ্জুনে ওপৰ-উপৰিকৈ সমস্যা ভঞ্জন কৰি থাকোতেই সিফালে ৰণকেন্দ্ৰত অদ্ভুত বীৰ ভীমসেনে কৌৰৱ পক্ষীয় কেইবাজনো ঘাই ঘাই যোদ্ধা ৰণত পেলাই উৎপাত লগাবলৈ ধৰিলে। কৃষ্ণাৰ্জুনৰ অনুপস্থিতিত ছেগ ধৰি, কৰ্ণৰ অন্যতম পুত্ৰ বৃষসেনে দুঃশাসনৰ সহায়েৰে আক্ৰমণ কৰি, ভীমসেনক বিচেষ্টা কৰি পেলাইছিল, কিন্তু তেওঁৰ দুৰ্জয় নামৰ ব্যতিক্ৰম নঘটিছিল। তেওঁ চতুগুণ উৎসাহেৰে যুদ্ধ কৰি অকলশৰে কৌৰৰ দলক অস্থিৰ কৰি পেলালে। এনেতে, এটা ছেগত ভীমসেনে ধনুশৰ এফলীয়াকৈ থৈ, গলা হাতত লৈ, দুঃশাসনক ৰৈ যুঁজলৈ আহ্বান কৰিলে। প্ৰচলিত ৰণনীতি অনুসৰি, দুঃশাসনেও বাধ্য হৈ গদা ধৰি ভীমসেনৰে সৈতে যুদ্ধত প্ৰবৃত্ত হল। দুয়ো বীৰৰ মাজত ভালেমান পৰলৈকে থোৰতৰ গদাযুদ্ধ চলিবলৈ ধৰিলে। সদৌশেহত, ভীমৰ গদাঘাতত দুঃশাসন ৰণত পৰিল। সেই ছেগতে ভীমসেনে পূৰ্বব প্ৰতিজ্ঞা স্মৰণ কৰি ততালিকে তৰোৱালেৰে পতিত ৰীৰ দুঃশাসনৰ বুকু ছিৰি ৰক্তপান কৰিলে (২)। (১) কৃষ্ণ অৰ্জুন সততে কবুলি এৰাই পৰিচালিত। সেই শৰ বাবে হে সেই সাংঘাতিক সমস্যা চকু-চাৰণিতে শ্ৰীকৃষ্ণই ভান কৰি পাৰিছিল। (৪) শ্ৰৌপদীৰ বৰণ আপাত মলনে এই প্ৰতিজ্ঞা কৰিছিল।