পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঘটোৎকচ, বধ। ৭৭৯ উত্ৰালভাৱে ধাবিত হৈ ঘটোৎকচৰ ওপৰত পৰিলগৈ। দুইৰৰ মাজত পোনেই ঘোৰতৰ মল্লযুদ্ধ চলিল। তাৰপাচত গদাযুদ্ধ; তাৰপাচত ৰথযুদ্ধ। ঘটোৎকচক জিনিব নোৱাৰি, অনতিপলমে অলঘুষ পলাই পৰ্বতত উঠিলগৈ, আৰু তাৰপৰা শূন্তে শূঙ্গে শৰসন্ধান কৰি শত্ৰুক বিবুদ্ধি কৰিবলৈ ধৰিলে। কিন্তু ঘটোৎকচ, সিমানতে হটিবৰ পুৰুষ নহয়; তেওঁ সেই পৰ্বতৰ ওপৰলৈকে খেদি গৈ, তাতে শত্ৰুক আক্ৰমণ কৰিলে। অলঘুষে নিৰুপায় হৈ আকাশীযুদ্ধ (১) আৰম্ভ কৰিলে। সেই পাকতে ঘটোৎকচ, অপৈণত নহয়; তেৱো সেই আকাশীযুদ্ধত, প্ৰবৃত্ত হৈ বিপক্ষ যোদ্ধা অস্থিৰ কৰি তুলিলে, আৰু ভৈয়ামত কোৰৰ সেনানীৰ ওপৰত অস্ত্ৰ-ওফৰণি, শিলাখণ্ডৰ দলি, যাঠী, জোং আদিৰ প্ৰহাৰে শত্ৰুপক্ষৰ মাজত হাহাকাৰ লগাবলৈ ধৰিলে। এই ৰণ ঘোৰতৰ ভাৱে বহুপৰ চলাৰ পাচত, সদৌশেহত অলঘুষৰ পতন হল। কৌৰৱৰ শিবিৰত বজ্ৰপাত আৰু পাণ্ডৱৰ শিবিৰত বিজুলীৰ চমকনি হবলৈ ধৰিলে। অলষৰ পতনত অত্যন্ত ব্যথিত আৰু কুপিত হৈ তেওঁৰ পুত্ৰ অলঘুষিয়ে হস্তী আৰহী হৈ বিষম আক্ৰোশেৰে ঘটোৎকচক আক্ৰমণ কৰিলেহি। কিন্তু তেওঁৰ সেই আক্ৰোশ সহপৰ নতম্ভিল; গদাৰ মাৰত ঠাৱৰিব নোৱাৰি আৰোহীসৈতে হাতী পলাই ফাট মাৰিলে। তাৰ পাচত, দিব্যৰথত চৰি অলায়ুধ ৰণলৈ আগ বাঢ়িল। পোনতে দুইৰৰ মাজত ধনুৰ্বাণেৰে ৰণ চলিছিল। তাৰ ফলত গলায়ুধ ৰথৰপৰা (১) সেয়ে আজিকালিৰ আকাশীজনৰ (ভোগেন। যুদ্ধ নয় মানে? পুৰাকালতে যে অদ্ভুত ধাৰণৰ বৈজ্ঞানিক প্ৰণালীৰে আকাশীৰণৰ প্ৰচলন আলি, ইতাৰ বিশিষ্ট প্ৰমাণ।