সমললৈ যাওক

পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
জয়দ্ৰথ বধ৷
৭৭৫
 

ৰথ নি মোক যোগাবগৈ পাৰাঁ। কিয়নো কাৰ্য্যৰ গতিক যেনেহে দেখিছোঁ, অৰ্জ্জুনৰ প্ৰাণ ৰক্ষাৰ্থে জয়দ্ৰথ বধ উদ্দেশ্যে মই অস্ত্ৰ ধৰিবগৈ লাগিব নে কি কব নোৱাৰিছোঁ এথোন। ধৰ্ম্মৰাজ্য স্থাপনৰ অৰ্থে প্ৰয়োজন হলে, মই বাধ্য হৈ এই কাৰ্য্য কৰিবই লাগিব। (১)

 পিচদিনা পুৱাৰপৰা “জয়দ্ৰথ-বধ’’ ভীষণ ৰণ আৰম্ভ হল। কৌৰৱ পক্ষে অৰ্জ্জুনৰ প্ৰতিজ্ঞা ব্যৰ্থ কৰি তেওঁৰ বধৰ সহজ উপায় চিন্তি জয়দ্ৰথৰ প্ৰাণ ৰক্ষাৰ্থে বিপুল আৰু বিশেষ আয়োজন কৰিলে। কৌৰৱ সেনাপতি দ্ৰোণাচাৰ্য্যই নতুন বিধানেৰে আকৌ নতুনকৈ এখন অভেদ্য ব্যুহ ৰচনা কৰি তাৰ নিচেই কেন্দ্ৰস্থলত জয়দ্ৰথৰ সুৰক্ষণৰ ব্যৱস্থা কৰিলে। দ্ৰোণ, কৰ্ণ, কৃপা প্ৰভৃতি কৌৰৱৰ ঘাই ঘাই যোদ্ধাসকলে জয়দ্ৰথক আগুৰি ধৰি কেন্দ্ৰস্থলত আত্মৰক্ষাৰ্থে সাজু হৈ ৰল, আৰু ব্যুহমুখৰপৰা প্ৰতিপাকতে বাছকবনীয়া যোদ্ধা ৰখীয়া দি পাৰ্য্যমানে

অৰ্জ্জুনৰ ব্যুহপ্ৰৱেশ নিষিদ্ধ কৰাৰ দিহা লগোৱা হল। আয়োজন আৰু দিহাকৰণ চাই, বাস্তৱতে অৰ্জ্জুন বা আন মানৱ ক্ষমতাৰ পক্ষে জয়দ্ৰথ-বধ সাধ্যাতীত যেন বিবেচিত হল। এই ব্যৱস্থাৰ বিৰুদ্ধে এই ভীষণ ৰণ


 (১) শ্ৰীকৃষ্ণই কুৰুক্ষেত্ৰ-মহাৰণত অস্ত্ৰ নধৰিবলৈ অৰ্জ্জুন আৰু দুৰ্য্যোধনৰ আগত প্ৰতিশ্ৰুত হোৱা সকলোৱে জানে। গতিকে, তেওঁৰ এই সংকল্পৰ সম্ভেদ পাই কোনোৱে তেওঁ প্ৰতিজ্ঞাভঙ্গৰ দোষাৰোপ কৰিব পাৰে। কিন্তু, দকৈ গমি চালে বুজা যাব যে, সেইবাবে শ্ৰীকৃষ্ণত দোষাৰোপ কৰিবলৈ যুক্তি নাই। কিয়নো, তেওঁৰ এই সঙ্কল্পিত ৰণ কুৰুক্ষেত্ৰ ৰণ নহয়। ই অৰ্জ্জুনৰ পণ ৰাখি তেওঁৰ প্ৰাণ ৰক্ষা কৰা সুকীয়া উদ্দেশ্যৰ সুকীয়া ৰণ৷— এই ৰণৰ লক্ষ্য হৈছে অৰ্জ্জুনৰ প্ৰাণ ৰক্ষা; কুৰুক্ষেত্ৰ-ৰণৰ লক্ষ্য হৈছে পাণ্ডৱৰ ৰাজ্য উদ্ধাৰ। সি যি হওক, সুখৰ বিষয়, শ্ৰীকৃষ্ণই নিজে অস্ত্ৰ ধৰিব লগীয়া নোহোৱাকৈ যৰ সুকীয়া শক্তিৰেই “জয়দ্ৰথ-বধ’’ পণ ৰক্ষা কৰাত অৰ্জ্জুন সিদ্ধহস্ত হল৷