সমললৈ যাওক

পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৭৬
শ্ৰীকৃষ্ণ৷
 

চলিবলৈ ধৰিলে। পুৱাৰপৰা বেলি মাৰ যোৱাৰ অলপ আগলৈকে অকণো বিৰতি নোহোৱাকৈ অৰ্জ্জুনে প্ৰাণপণে ৰণ কৰিলে। সদৌশেহত, সাধাৰণ মানৱৰ অসাধ্য কাৰ্য্য শ্ৰীকৃষ্ণ হেন অসাধাৰণ সাৰথিৰ কৌশলৰ গুণত মহাৰথ অৰ্জ্জুনে মুৰামুৰি সময়ত, কৌৰৱ পক্ষীয় বিচক্ষণীয়া বীৰ যোদ্ধা সকলোটিকে পৰাস্ত কৰি নিজৰ পথ নিজে মুক্ত আৰু সুগম কৰি লৈ, অতি হেঁপাহেৰে পুত্ৰবৈৰী জয়দ্ৰথৰ শিৰ (১) সুতীক্ষ্ণ অস্ত্ৰেৰে বিচ্ছিন্ন কৰি অসাধ্য সাধন কৰিলে। জয়দ্ৰথ-বধৰ লগে লগেই দুৰ্য্যোধনৰ আশা-ভৰসা সকলো ক্ৰমাৎ মাৰ যাবলৈ ধৰিলে।


 (১) প্ৰক্ষিপ্ত কল্পনাৰ অলৌকিক কাহিনী এটা এই সংসৰ্গত এই দৰে সংযোগ কৰা হৈছে:—জয়দ্ৰথৰ পিতাকে তপস্যাৰ ফলত এনে এটা বৰ লাভ কৰে যে, যি তেওঁৰ পুতেকৰ শিৰচ্ছেদ কৰি মাটিত পেলাব, তাৰো ততালিকে মূৰ ছিগি মাটিত পৰিব। গতিকে, শ্ৰীকৃষ্ণৰ উপদেশ অনুসৰি অৰ্জ্জুনে জয়দ্ৰথৰ বিচ্ছি শিৰ শৰ-প্ৰচালনেৰে নি ধ্যানমগ্ন জয়দ্ৰথৰ পিতাকৰ কোলাত তুলি দিলেগৈ। তেওঁ ধ্যানভঙ্গ হৈ আছাৰ খাই উঠাত জয়দ্ৰথৰ ছিন্নমুণ্ড বাগৰি মাটিত পৰা মাত্ৰকে পিতাকৰো মূৰটো ছিগি পৰি পিতা-পুত্ৰৰ যুৰীয়া মূৰ মাটিত বাগৰিবলৈ ধৰিলে। দৃশ্যটো, কল্পিত হলেও, অৱশ্যে পুত্ৰশোকসন্তপ্ত অৰ্জ্জুনৰ পক্ষে শান্তিদায়ক হৈছিল।