পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৭৪
শ্ৰীকৃষ্ণ৷
 

অতীত। তেওঁ প্ৰিয় শিষ্য-সখি যোগিবৰ পাৰ্থ বীৰক বিস্তৰ বুজাবলৈ ধৰিলে; বুজনি আন বিশেষ একো নহয়,—গীতা বুজনিত তেওঁ যি বিশ্বৰূপ দেখুৱাইছিল, তাৰে সাৰাংশ মাথোন। বুজনি শুনি মহাসংযমী অৰ্জ্জুনে অনতিপলমে ধৈৰ্য্য ধৰিলে; কিন্তু বীৰ তেজেৰে উদ্দীপ্ত হৈ এই বুলি তেওঁ ভীষণ প্ৰতিজ্ঞা কৰি উঠিলে, “কাইলৈ বেলি মাৰ নৌ যাওঁতেই মই জয়দ্ৰথক মাৰ নিয়াম; নাইবা জ্বলন্ত অগ্নিত এই তনু ত্যাগ কৰিম।”

 অৰ্জ্জুনৰ ভীষণ ভীষ্মপ্ৰতিজ্ঞাই পাণ্ডৱ শিবিৰ খলক লগাই তুলিলে। সদৌ পাণ্ডৱবাহিনী প্ৰতিশোধজনিত ৰণমদত উন্মত্ত হৈ সিংহ গৰ্জ্জনেৰে গৰ্জ্জি উঠিল। সন্তপ্ত পাণ্ডৱক আচম্বিতে উদ্দীপ্ত হোৱা শুনি কৌৰৱ শিবিৰত পুনৰপি আতঙ্ক উপস্থিত হল; সামৰিক সমিতিয়ে তাৰ সম্ভেদ সংগ্ৰহৰ অৰ্থে ততালিকে চোৰাংচোৱা নিয়োগ কৰিলে। কৃষ্ণ কিন্তু গহীন আৰু গম্ভীৰ;— তেওঁ অধিকতৰ চিন্তাযুত। কাৰণ, শ্ৰীকৃষ্ণৰ মনত এটা নতুন সমস্যাই খেলাবলৈ ধৰিলে। এক মনেৰে তেওঁ চিন্তি চাইছে যে, এদিনীয়া নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত জয়দ্ৰথক বধ কৰা অৰ্জ্জুনৰ পক্ষে সহজ ব্যাপাৰ নহব; আন মনেৰে চাইছে,—প্ৰতিজ্ঞা ৰক্ষা নপৰিলে অৰ্জ্জুনৰ প্ৰাণ ৰক্ষা নপৰে। সমস্যাৰ একুলত জয়দ্ৰথ বধ, ইকুলত অৰ্জ্জুনৰ তনু বিসৰ্জ্জন। দুয়োটা অসাধাৰণ ব্যাপাৰ! উপস্থিত প্ৰয়োজনত জয়দ্ৰথৰ প্ৰাণ ৰক্ষা কৰিবলৈ কৌৰৱ- পক্ষে প্ৰাণপণে যত্ন কৰিব যে তাত সংশয় নাই; কিয়নো সেয়ে হলেই ইফালে পাণ্ডৱপক্ষৰ মূলশক্তি সমূলঞ্চে বিনষ্ট হব, আৰু সিমানতে কুৰুক্ষেত্ৰ-মহাৰণৰো অন্ত পৰিব। ইত্যাদি চিন্তা কৰি, দ্বাৰকেশ্বৰে নিজ সাৰথি দাৰুকক মতাই আনি এই আদেশ শুনাই থলে, “শুনা দাৰুক! কাইলৈ ৰণক্ষেত্ৰত কৌৰৱ ব্যুহৰ মুখত মোৰ ৰথ সাজু ৰাখিবা নি, যাতো মোৰ পাঞ্চজন্য শঙ্খৰ শৱদ শুনা মানে তুঁমি শাৰ্ঙ্গসহ