সমললৈ যাওক

পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অভিমন্যু বধ। ৭৭১ সপ্তৰথীয়ে মিলি একেলগে একেৰাহে আক্ৰমণ কৰি অকলশৰীয়া শিত ৰথীক বধিব লাগে (১)। সেই মতেই কাৰ্য কৰা হল। দ্ৰোণ, কা, কৃপাচাৰ্য্য, দুৰ্য্যোধন, দুঃশাসন, জয়দ্ৰথ আৰু অশ্বথম এই সপ্তৰথীয়ে বেৰি ধৰি একে সময়তে একেবাৰে একেৰাহে সুতীক্ষ্ণ তীৰ নিক্ষেপ কৰি, অতি আপচু অন্যায় যুদ্ধেৰে (২) অদ্বিতীয় অদ্ভুত বীৰ বোল বছৰীয়া অভিমন্যু কোৱৰক বধ কৰি নিৰুপমা সুৰী চৈধ্য বছৰীয়া সগৰ্ভা উতৰা হেন বীৰপত্নীক বিধবা কৰিলে। সুভদ্ৰা হেন মাতৃহিয়া উদং কৰিলে। অৰ্জ্জুন হন পিতৃৰ চকুমণি কাঢ়ি পেলালে। কৃষ্ণ হন মাতুলৰ আলিঙ্গন -শূন্য কৰিলে। পাণ্ডৱ শিবিৰত হাহাকাৰ লাগি উঠিল। কোমলপ্ৰাণ ধৰ্মৰাজ যুধিষ্ঠিৰ শোকত অধৈৰ্য হৈ পৰিল।তেওঁৰ অনুতাপ বিশেষ; কাৰণ দ্ৰোণাচাৰ্যৰ প্ৰতিজ্ঞা (৩) মতে তেওঁক বন্দী কৰি নিয়াৰপৰা ৰক্ষা কৰিবলৈ বুলি হে প্ৰাণপ্ৰতিম অভিমন্যই আত্মবলিদান দিলেগৈ। (১) লিখিবলৈকে লেখনী নচলে। ব্যাসদেৱে এনে অকথনীয় বুৰঞ্জীতথ্য লিপিবদ্ধ কৰিবলৈকে লাজ পাইছিল। এইখিনিতে ভীষ্মদেৱৰ পৰৱন আৰু দ্ৰোণাচাৰ্য্যৰ নেতৃত্বৰ নৈতিক ৰিজনি অচিতে আহি পৰে। (২) যুদ্ধ আৰণৰ আগতে উভয় পক্ষৰ সম্মতিক্ৰমে যি হেতুবন্ধন গৃহীত হৈছিল, এই অভিম-বধ যুদ্ধত ভাৰু চুৰ্ণাকৃত কৰি যত উৰাই দিয়া হল। এতেকে, ইয়াতপৰ কোৰৰ কলঙ্ক আৰু কি হব পাৰে। (৩) মোচাৰ্যৰ প্ৰতি নৰজিলগৈ। ভীষ্ম প্ৰতিজ্ঞাৰ ৰিজনিত ত্ৰাণাচাৰ্য্যৰ এই অসাৰশূন্য প্ৰতিজ্ঞাই তেওঁকৈ এওঁক বই তলৰ খপলৈ নমাইছে।