পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭৭ • শ্ৰীকৃষ্ণ। চাৰ্যৰ খেদা খাই উলটিব লগাত পৰিল। অভিময় একেবাৰে অকলশৰীয়া হল। তেওঁ নিজ বলবুদ্ধিৰে বুহৰচনাৰ ব্যৱস্থা বুজি তাক সণে ভেদ কৰি, তাৰ কেন্দ্ৰস্থলত অকলশৰীয়া হৈ থিত ললেগৈ। সেই নিগমৰহিত শত্ৰুকে মধ্যত অকলশৰীয়াকৈ পাই শিশু পাণ্ডৰ- কেশৰীক হাজাৰ-বিজাৰ বিচক্ষণীয়া ৰণুৱাই বিষম আক্ৰোশেৰে বেৰি ধৰিলে। কৌৰৱৰ বহু বছ সুনিপুণ যোদ্ধাই এজন-এজনকৈ খুঁজি আটাইবিলাকে হাৰ মানিলে; সেই অজেয় পাণ্ডৰ বীৰ শিশুৰ প্ৰচণ্ড প্ৰতাপত বুহকেত খলকনি লাগি উঠিল, অসংখ্যাত সেনা ৰণত পৰিবলৈ ধৰিলে। অভিমন্যই বৃহবহিৰ্গমনৰ বিধি নাজানে। গতিকে তেওঁ মনতে এই স্থিৰ কৰিলে যে, তেওঁৰ পিতৃ অৰ্জুনে নাৰায়ণী সেনাৰ লগত যুদ্ধ সমাপন কৰি আহি তেওঁক উদ্ধাৰ নকৰেহিমানে তেওঁ শত্ৰুপক্ষক আত্মবিক্ৰমেৰেই ব্যতিব্যস্ত কৰি ৰাখিব, আৰু যথা সময়ত সেই উদ্ধাৰক আহি নাপালেহি তেওঁ ৰণ কৰিয়েই তনু ত্যাগ কৰিব। সেই সংকল্পেৰেই অভিমই প্ৰাণটকি যুজিবলৈ ধৰিলে; শত্ৰুপক্ষ অস্থিৰ হৈ পৰিল। সদৌশেহত দেখা গল যে, সেই দিনৰ আবেলিৰ আগেয়েই অদ্ভূত, ৰীৰ অভিমন্যুৰ পতন নহলে, কৌৰৱৰ আৰু ৰক্ষা নাই। শিশুসিংহৰ প্ৰভাৱতে ইমান, তেওঁৰ পিতৃসিংহ (অৰ্জন) আহি পালে সেই দিনাই কৌৰৱৰ পৰাজয় নিশ্চয় হৈ যাব। গতিকে, কোৰৰ সামৰিক সমিতিৰ আসন্ন বৈঠক আহ্বান কৰা হল। তাত দ্ৰোণ, কৰ্ণ, কৃপাচাৰ্য্য, দুৰ্যোধন, দুঃশাসন, শকুনি, অখখমা এইসকলে বিস্তৰ আলোচনা কৰি এই সিদ্ধান্ত দিলে যে, উপস্থিত আসন্ন সমস্যাত ন্যায়-অন্যায়, ধৰ্ম-অধৰ্ম, পাপপু, খ্যাতি-অখ্যাতি ভুৰি বঠানে উনি নোপোৰা হৈছে। গতিকে যেনেতেনে প্ৰকাৰে এই অদ্ভুত শিক বধিবই লাগিব। সেই উদ্দেশ্যেই জোন, কী প্ৰমুখ্যে এক