পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শ্ৰীকৃষ্ণ। প্ৰাণাধিক অগ্ৰজ আৰু অনুজগণৰ শপত খাই অঙ্গীকাৰ কৰিছেমই আৰু ভীষ্মদেৱৰ মমতাত কাতৰ নহওঁ; ইয়াৰ পাচত মই প্ৰাণটাকি খুঁজি তীয় আৰু দ্ৰোণক বধ কৰি কৌৰৱৰ ৰণবল সমূলি নাশ কৰিম। এতেকে, হে কৃষ্ণ! ইমানতে কৃপা কৰাঁ।” (১) অৰ্জুনৰ তিতকৈও প্ৰতিশ্ৰুতিত অধিক তুষ্ট হৈ, শ্ৰীকৃষ্ণদেৱে উলটি আকৌ ৰথত চৰিলেহি। অৰ্জ্জুনেও ৰথত চৰি নিজৰ আসনত বহি পুঃ ৰণলৈ সক্টম হৈ মহাধনু গাণ্ডীবত টকাৰ দিলেহি। শ্ৰীকৃষ্ণই তেওঁৰ জগত-উদ্দীপক পাঞ্চজন্য’ শঙ্খ কেইমুখে বজাবলৈ ধৰিলে। হতাশৰ খুন্দাত ঠৰ হোৱা পাণ্ডৱবাহিনী পুনঃ ঠ ধৰি উঠিল,গোটেই পাণ্ডৱ শিবিৰত সঞ্জীৱনী শক্তি পুনৰপিসঞ্চাৰিত হল; তাৰ লগে লগে আচম্বিতে পাণ্ডৱ পক্ষক উদ্দীপ্ত হোৱা দেখি কৌৰৱ পক্ষ আচৰিত হৈ আকৌ জয় পৰিল। গছে পাত সলোৱাৰ দৰে ৰণে বৰণ সলালে, নতুন পাত চোতেৰে জপীয়া জীৱন্ত গছৰ নিচিনা হৈ পাণ্ডবাহিনী পুনপি টনকিয়াল হৈ উঠিল; অৰ্জুন আকৌ অৰ্জুন হল। দশমী দিন অৰ্জ্জুনে দয়া-মমতা, মায়া-মোহ সকলো পৰিত্যাগ কৰি পূৰ্ণবলেৰে ভীমদেৱৰে সৈতে প্ৰাণপণে ৰণ কৰিবলৈ ধৰিলে। কোৰৰ আৰু পাৰৰ এই সৰ্বশ্ৰেষ্ঠ অজেয় বীৰ দুজনৰ তুমুল সংগ্ৰামে মেদিনী কঁপাবলৈ ধৰিলে, আকাশৰপৰা বৰষুণ পৰাদি দুইৰৰ ওপৰত দুইৰে বাণবৃষ্টি বধিবলৈ ধৰিলে, অসংখ্যাত সেনসেনাপতি ৰণত পৰিবলৈ ধৰিলে। হয়-হস্তী, আহিল-পাতি আদি অয়ৰ সীমা-সংখ্যা নোহোৱাত পৰিল, পোম্ম ৰণুৱাৰ মাজত আকৌ কাকো কেৱে চিনিব নোৱাৰা হল, অৰ্জুন আৰু ভীমদেৰ দুয়ো তেজেৰে ৰাজলী হল, কোনো অজৰ কোনো অংশত দু- আঙ্গুল ফাক নথকাকৈ জীৱদেৱ শৰবিদ্ধ হল। এই অনুক্ৰমে বিবিধ ) মহাগৰত, জীপ, ৪০ লাখ।