পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শ্ৰীকৃষ্ণ। গাজনি, বোৰ চিলনি, ৰথৰ ঘৰঘৰণি, ধনুশৰৰ চেঁ-চোৱনি, তৰৱালৰ চকুচকনি যাঠী, কালি, বৰছাদিৰ গিগিৰণি, গদাৰ চনি পদাতিকৰ গিৰিপনি ইত্যাদিৰ সানমিহলি শবদে অকথনীয় প্ৰলয়ৰ বাৰ্তা দিয়া যেন বোধ হৈছে। ৰণত পৰা বিলাক পৰিছে, মৰা মৰিছে, কত আধামৰ আধাজীয়া হৈ গড়াগড়ি গৈছে, তালৈ কাৰ ক্ৰক্ষেপ নাই। কোনো বিমুখ হোৱা নাই, কোনেও পিঠি দেখুৱা নাই; মাথোন ৰণতে মতি, ৰণতে গতি, ৰণতে ধাউতি। এই কেইদিনৰ ভিতৰতে কিমান যে ৰণুৱা পৰিল, তাৰ লেখ নাই ” (১)। কিন্তু, পাচলৈ পাণ্ডৱবাহিনী নিতে নিস্তেজ হৈ পৰিবলৈ ধৰিলে, নিতে পাণ্ডৱ ৰণবল ক্ষীণাই যাবলৈ ধৰিলে, পাণ্ডৰ পক্ষ নিতে হতাশ হবলৈ ধৰিলে। নিতে নিৰ্ধাৰিত সময়ৰপৰা ৰণ লাগে, নিতে সন্ধ্যাপৰত পাণ্ডৱ পক্ষ জুৰুলা হৈ শিবিৰলৈ ওলটে! শেহান্তৰত দেখা গল যে, এইদৰে ক্ষয় হব লাগিলে ভীমদেৱৰ সেনাপতিত্ব অন্ত পৰাৰ আগেয়েই পাণ্ডৰ ৰণৰল অন্ত পৰিবগৈ। গতি-গোত্ৰ দেখি পাণ্ডব-শিবিৰ ক্ৰমাৎ জয় পৰি আহিল, আৰু আনহাতে কৌৰৱ শিবিৰ উলাহত উদ্দীপ্ত হৈ উঠিল। এই কথাই পাণ্ডৱ পক্ষৰ নেতাৰৰ্গক চিন্তাকুল কৰিলে, যুদ্ধকৰ্ত্তা যুধিষ্ঠিৰৰ চিন্তাত মূৰ দো খালে। এনে সমস্যাত, এনে আসন্ন বিপদত, পাণ্ডৰবান্ধৱ বুদ্ধিস্বৰ্গনাৰায়ণ ৰণপণ্ডিত শ্ৰীকৃষ্ণদেৱে সেই চিন্তালোচনাৰ ভাৰ স্বয়ং মূৰ পাতি ললে। তেওঁৰ চিন্তাই ততালিকে দুকি পালে যে, এই মহাৰণত পাণ্ডৱ পতনোম্মুখ হোৱাৰ আচল কাৰণ অৰ্জ্জুন। অৰ্জুনে পিতামহ ভীষ্মদেৰৰ প্ৰতি মমতাত (২) তেওঁৰে সৈতে মৃদু যুদ্ধ কৰা হেতুকেই তেওঁৰ তেজ মাৎ বাঢ়ি গৈছে, আৰু তেওঁ আদৰ্শ (১) মহাভ, তীক্ষপ, • গাধা। (২) ভাৰতীয় ব্যাখ্যা।