পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভীষ্মৰ শৰশয্যা। ৭৫৯ কৰ্তব্যপৰায়ণ পুৰুষ হেতুকে সামৰিক শত্ৰু পাৰপক্ষক ধবংস কৰিবলৈ পূৰ্ণবল প্ৰয়োগ কৰিছে। এই ভাৰি, পৰমান বাসুদেৰে আনমনেৰে নিন যুধিষ্ঠিৰক সাক্ষাৎ কৰি, হাঁহি হাঁহি এইবুলি আশ্বাস দিবলৈ ধৰিলে, “হে অগ্ৰজপ্ৰতিম পাণ্ডৱশ্ৰেষ্ঠ। আপুনি হতাশ হোৱাৰ কোনো কাৰণ নাই; আজ্ঞা কৰোক মই ভীমদেক কাইলৈকে বধ কৰে। কিন্তু এই কাৰ্য্য অৰ্জুনৰ দ্বাৰায়ে সাধিত হব পাৰে গতিকেহে মই যুদ্ধ নকৰোঁ বোলা প্ৰতিজ্ঞা পাৰ্যমানে পালন কৰি আছে। আপোনাৰ আজ হলে, অৱশ্যে মোৰ প্ৰতিজ্ঞা ভঙ্গ হোৱাত দোষ নঘটিব পাৰে।” অনুজপ্ৰতিম শ্ৰীকৃষ্ণদেৱৰ এনে সাদৰী কথাত মোহিত হৈ, কৃষ্ণপ্ৰাণ ধৰ্ম্ম-যুধিষ্ঠিৰে গদগদভাৱে এইবুলি সমিধান দিলে, “নালাগে তোমাৰ প্ৰতিজ্ঞা ভঙ্গ হব। মই সিমান স্বাৰ্থপৰ নহওঁ। মই পৰান্ত হওঁ, মই সবংশে ধ্বংস হওঁ, তাত মোৰ সিমান বেজাৰ নাই। কিন্তু মোৰ হন্তে তোমাৰ প্ৰতিজ্ঞা ভঙ্গ হৰলৈ নিদিওঁ।” সেই সন্ধ্যা সিমানতে। পিচদিনা ভীমদেৱৰ সেনাপতি নৱম দিন আহিল। এই দিন এটা মহাসমস্যাৰ দিন। সেই নবমী দিন ভীষ্মদেৰ বিজয়ী হৈ শিবিৰলৈ উলটিব লাগিলে, পিচদিন-দশমী দিন- ভীষ্ম সেনাপতিত্বৰ শেহদিনা—আৰু পাণ্ডৱ পক্ষ তিষ্ঠিবৰ সম্ভাৱনা নাই। গতিকে, সেইদিনা ভীমাৰ্জুনৰ ৰণ লগাই দি, ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনৰ ৰণকাৰ্য্যৰ গতিগোত্ৰ লক্ষ্য কৰিবলৈ ধৰিলে। অৰ্জুনে অতি কাতৰতাৰে অনিচ্ছাৰে সৈতে মৃহযুদ্ধ কৰে; সেই ছেগতে ভীমদেৱে অসংখ্য পাওৱসেনা নিপাত কৰে। এনেতে, ভীমৰ বলত বলিয়ান কোৰৰ সৈঙ্গই কেইওফালৰপৰা বেৰি ধৰি কৃষ্ণ সমন্বিতে অৰ্জনৰ ৰখ গৰাহ মাৰি ধৰিলেগৈ। এনে আসন্ন সময়ত, শ্ৰীকৃষ্ণৰ সেনাপতি মহাৰখ সাকিয়ে বিন জিমেৰে