পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুৰুক্ষেত্ৰ মহাৰণৰ আৰম্ভণ। ৭৫১ আশেপাশে ভাগে-ভাগে নিৰ্ধাৰিত সৈন্ত-সেনাপতিসকলে ৰণকেন্দ্ৰলৈ খোজ ললে। সৰ্বমূলত ৰজা সাজ-সমলেৰ সজ্জিত হৈ, ৰজা ঘোঁৰ লগোৱা ৰা ৰথত চৰি সৰ্বৰাজৰ অৰু মহাতেজী দ্ৰোণাচাৰ্যই গুৰিধৰা হৈ গজেন্দ্ৰ গমনেৰে আগবোছিলে। কৃষ্ণ যাদৱবাহিনীৰ বছ৷ বছ। বৃষ্ণি আৰু ভোজৰথীসকলৰ দ্বাৰাই সুৰক্ষিত অসংখ্যাত সৈন্য-সামন্তৰ নায়ক হৈ কৃতবৰ্মা সেনাপতিয়ে কৌৰৱ পক্ষীয় সেনাদলৰ দক্ষিণে ৰক্ষক স্বৰূপে আগ বাঢ়িলে; আনহাতে, সংসপ্তক ৰথাৰৰহীৰে পৰিবেষ্টিত হৈ অৰ্জুনৰ অনুবৰ্তী ডিগ সেনাপতিয়ে “হয় ৰণজয়, নহয় আত্মক্ষয়” এই দৃঢ় সংকল্পেৰে কৰ্তব্য পালনলৈ ধীৰ গতি কৰিলে। (১) ইতি-অৰসৰত সঞ্জয় মন্ত্ৰীয়ে অন্ধৰাজ ধৃতৰাষ্ট্ৰক তেওঁৰ পক্ষীয় সৈবল সজোৱাৰ বিষয়ে পুনৰপি এই বুলি বৰ্ণাবলৈ ধৰিলে, “হে মহাৰাজ! আপোনা পক্ষীয় ৰণবল ঘাইসেনাপতি ভীমদেৰে সম্প্ৰতি এইদৰে সাজু কৰিছে;একলাখ ৰণহতী আগ কৰি, প্ৰতি হস্তীৰ ভাগত এলকৈ ৰথাৰৰহী, প্ৰতি ৰথৰ সাহায্যত এশকৈ অশ্বাৰোখ, প্ৰতি অশ্বাৰোহীৰ লগত দহজনকৈ ধনুধাৰী, প্ৰতি ধনুধাৰীৰ লগত দুজনকৈ ঢালধাৰী। ভীষ্মদেৱে নিতে নতুন ধৰণেৰে বুহি ৰচনা কৰি বলৈ আয়োজনত ধৰিছে। এদিন মানৰ বুক, এদিন দৈব বুহ, এদিন গান্ধৰ্ব বুহ, এদিন অসুৰ বুছ এই অনুক্ৰমে বুহ ৰচনা কৌশলেৰে শত্ৰুপক্ষক বিমোৰ কৰিবলৈ যুক্তি কৰিছে। এতিয়ালৈকে আপোনাৰ পক্ষ ভয়াবহ যেন বোধ হৈছে। কিন্তু অৰ্জুনৰ সাৰথি বৰপে অতিীয় ৰণপণ্ডিত স্বয়ং ভগৱান শ্ৰীকৃষ্ণই প্ৰকৃততে নেতৃত্ব লোৱা হেতুকে ১) মহাৰত, অন্যা, ১৫-১৮।