পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাৰ ৰণৰল অতি পৰাক্ৰমী আৰু অজেয় বিবেচিত হৈছে (১)। সেনাপতি কাৰ্তিকেয়ৰ দৰে সবাতোকৈ আগশাৰীত মহাবাহু ভীমসেনৰ সাহায্যেৰে ঘাই সেনাপতি মহাৰথ ধৃষ্টদ্যুম্বই পাণ্ডৱ বাহিনী কমাৎ আগ বঢ়াইছে। দক্ষিণ পাশৰ পাণ্ডৱ শাখাবাহিনী অমিততেজী ৰীৰ সৈন্যদলৰ অধ্যক্ষ হৈ সুনিপুণ যোদ্ধা যুযুধনে ৰক্ষা কৰি গৈছে; উত্তৰ পাশে হস্তী-আৰহীদলৰ মাজত ইন্দ্ৰৰ ঐৰাৱত সদৃশ মহাকায় সুসজ্জিত হস্তীৰ ওপৰত যুদ্ধকৰ্ত্তা স্বয়ং ধৰ্মৰাজ যুধিষ্ঠিৰ জিলিকিৰ লাগিছে; সবাতে পিচৰ শাৰীত পাঞ্চাল আৰু বিবিধ অশ্বাৰোহী ৰণুৱাৰ অধ্যক্ষ হৈ মহাৰথ সাত্যকিয়ে গুৰি ধৰি আগুৱাইছে। কেন্দ্ৰস্থলত সসৈন্যে মহাৰথ শিখণ্ডীক (২) লৈ, বথী আৰু সাৰথিৰপে মহাবীৰ্যৱন্ত কৃষ্ণাৰ্জ্জুন দীপ্তিমান হৈ চলিছে।” (৩) ‘পাণ্ডৱ বাহিনীৰ মাজত অৰ্জুনৰ ৰথ সূৰ্য্যত উজ্জ্বল হৈ প্ৰকাশ পাইছে। সুদৃঢ় বিতোপন চকৰি লগোৱা হনুমন্ত অঙ্কিত (e) পতাকা উ এই বিচক্ষণীয়া সোণালী ৰথৰ স্বৰূপ গঠনালি বৰ্ণনাতীত। স্বয়ং কেশৰ যি ৰথৰ সাৰথি, সেই ৰথৰ ৰখী হৈছে গাণ্ডীৰধাৰী মহাবাহু অৰ্জুন, যাৰ সমান ধনুৰ্বী পৃথিবীত নাই আৰু (১) মহাভাৰত, জীপ, ২৫ আখ্যা ১৯২০ লোক। (২) শিখণ্ডী পাঞ্চাবৰ অধিপতি পদ ৰজাৰ অন্যতম পুত্ৰ। কথিত আছে, এ বোলে নপুংসক। তীৰ্জুনৰ শেযুদ্ধত এই শিখণ্ডীয়ে দেখা দিয়াত ভীমসেৰে শৰত্যাগ কৰিলে বুলি কলিত আছে। কিন্তু, সেই কল্পনাক দিঠকৰ সাজ পিন্ধাবলৈ গলে ভীমৰ শৰশ্যা” পাতিবলৈ স্থান নোহাৱা হৈ পৰে। (৩) মহাগৰত, জীপ, ৪২, আধ্যা, ৩ লোক। ৩) অৰ্জুনৰ ৰথৰ চুড়াত হনুমও অঙ্কিত পতাকা সততে ধ্বজা বৰূপে উৰে। পতাকা অৰ্জুনৰ ৰখৰ নিদৰ্শন।