পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭৫০ পাণ্ডৱ শিবিৰতত বিচক্ষণীয়া ৰণপণ্ডিত শ্ৰীকৃষ্ণৰ সাঙ্কেতিক দিহ অনুসৰি সৰ্বই সেনাপতি মহাৰথ ধৃষ্টদ্যুম আৰু দুৰণীয়া ঘাই সেনাপতি মহাবাহু ভীমসেনে সিবিলাকৰ অধীনস্থ সেন-সেনাপতি আৰু বিবিধ ৰণবল নিয়াৰিকৈ নিয়োজন কৰিলে। সেই দিহাকৰণ অনুসাৰে প্ৰতিজন সেনাপতিক শত-শত ৰথাৰহী বৰাই পিচৰপৰা যোগ দিবলৈ স্থিৰ হয়। সেই অনুক্ৰমেই প্ৰতি ৰথাৰোহীক হাজাৰ হাজাৰ অশ্বাৰোহী আৰু হন্তী-আৰোহীয়ে সহায় কৰিবলৈ স্থিৰ হয়; আৰু সিবিলাকৰ আগে-পিচে সেঁৱে-বাৱে লাখ-লাখ পদাতিক ৰণোস্মত হৈ সাজু ইল। (১)। ৰণৰ আৰম্ভণ ঘোষণা কৰা হৈ গল। সমুখা-সমুখী পাপক্ষৰ ইদল সিদলৰ ওপৰত, সিদল ইদলৰ ওপৰত পৰে-পৰো হল। কোৰৰপক্ষৰ অগণন সেনা-সেনাপতি, হয়-হস্তী, ৰথৰথীৰ সৰ্ব্বাত সৰ্বাগ্ৰগণ্য প্ৰকাণ্ড বীৰ পুৰুষ মহামতি ভীষ্মদেৱে ভীষণ ৰণসাজেৰে সুসজ্জিত হৈ ক্ৰমাৎ অগ্ৰসৰ হবলৈ ধৰিলে। শিৰত শুভ্ৰ পাগুৰি, সে-বাহুপীঠত শুভ্ৰ আৰৰণৰ তীক্ষ্ণ শৰকোষ বাহুপাশত শুভ্ৰ জাযোজিত শুভ্ৰ ভীষণ ধনু, কঁকালত শুভ্ৰ কোষস্থিত তীক্ষ্ণ তৰোৱাল, ওপৰত সুপ্ৰকাণ্ড শুভ্ৰছত্ৰেৰে সুশোভিত হৈ, শুভ্ৰ অশ্বসংযোজিত শুভ্ৰ ৰখত চৰি এটি গিৰি সদৃশ প্ৰকাণ্ড পুৰুষ ভীমদেৰ কোৰৰ সেনানায়কৰূপে ক্ৰমাৎ অগ্ৰসৰ হল। ভীমদেৱৰ পিচত মহা অভিমানী মহাবাহু দুৰ্য্যোধন মুনোত ৰ সাজেৰে সজ্জিত হৈ বগা হাতীৰ পিঠিত বহুল বগ ছাতিলগোৱা সোপালী হাওডাৰ ওপৰত বহি কৌৰৱসেনাৰ মাজভাগত জিলিকি আগ বাঢ়িল। তেওঁৰ পিচত অসংখ্যাত পৰ্বতীয় সৈন্য-সামন্তৰে সৈতে গান্ধাৰৰাজ শকুনিয়ে গা-চোৰাৰূপে পিচ ধৰিলে। সেই অনুক্ৰমে » মহাভাৰত, অপ,২০, আখ্যা, ১৩–১০ সে।