পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুৰুক্ষেত্ৰ মহাৰণৰ আৰম্ভণ। ৭৯ গৈছে। এই অনুক্ৰমে কৌৰৱপক্ষ পছিমমুৱাকৈ আৰু পৰপক্ষ পুবমুৱাকৈ থাও খাওঁকৈ সাজু হৈছে।” (১) ইতিমধ্যত, ৰণ আৰম্ভণৰ আগদিনা, কৌৰৰ শিবিৰত ৰণসভা পাতি যথাবিধি ভীষ্মদেৱক সৰ্বপ্ৰধানকৈ ঘাইসেনপতিত্বত বৰণ কৰা হয়, আৰু ভীষ্মদেৱেও দহ দিনৰ কাৰণে (২) সৰ্বনেতৃত্ব বাৰ গ্ৰহণ কৰি ৰাজভক্তি বিশ্বাসেৰে কৰ্তব্য পালন কৰিবলৈ অঙ্গীকাৰ কৰে। আৰু, অপৰপক্ষততা ভগৱান শ্ৰীকৃষ্ণৰ নিৰ্দেশমতে ইতিপূৰ্বতে নিৰ্ধাৰিত হৈ থকা দিহা অনুসাৰে সৰ্ব্বপ্ৰধান ঘাই সেনাপতি পাঞ্চাল ৰাজকোৱঁৰ মহাৰথ ধৃষ্টদ্যুম্বক পাণ্ডৱ শিবিৰত ৰীতিনীতিমূলক উৎসৱৰে সৈতে বৰণ কৰা হয়। (৩) ৰণ আৰম্ভণৰ নিৰ্ধাৰিত দিনা সবাতকৈ আগেয়ে সবাতোপৰি বয়েজ্ঞানবৃদ্ধ পিতামহ ভীষ্মই নিজৰ নিৰপিত সৈনিক সাজেৰে সুসজ্জিত হৈ কোৰৰ শিবিৰত ঘাই আৰু পালি সেনাপতি সকলক নিজ নিজ অধীনৰ সৈন্য-সামন্তৰে সৈতে যথাযোগ্যৰূপে শাৰীশাৰীকৈ আৰু অগ-পিচাকৈ সজোৰাত তৎপৰ হল। তেওঁৰ দিহামতে কোৰৰপক্ষীয় সেনাপতি সকলে পৰম উলাহেৰে আক্ৰমণ সাপেক্ষে সাজু 891 (8) (১) মহাভাৰত, ভীষ্মপৰ্ব, ২০ণ, আধ্যা, ১- লোক। (২) দ্ৰোণ আৰু কৰ্ণ হেন দুজন অসাধাৰণ ৰীৰ বৰ্তমান থকাত, মহাজ্ঞানী উদাৰচেতা মহাপুৰুষ ভীষ্মদেৱে সৰ্বপ্ৰধান সেনাপতিবৰ গৌৰৱ এনীয়াকৈ উপভোগ কৰিবলৈ অমাতি হৈ, প্ৰথম দই দিনৰ কাৰণে নামোন সেই বাৰ এ। (৩) মহাভাৰত, অপ, ২০, জা, লোক। (৪) মহাভাৰত, জীপ, ২০, আধ্যা, ১০-১২ লোক।