পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

986 শ্ৰীকৃষ্ণ। (৩) বিশৰণাগত, বিৰণত পিঠি দেখুৱায়, যি অন্য কোনোৰে সৈতে ৰণত লাগি থাকে, যি নিৰ, তেনে ৰণুৱাক কেতিয়াও অপঘাত কৰিব নোৱাৰিব। (১) সাৰথি, জন্তুবাহন, অস্ত্ৰবাহক, বাদ্যকাৰ, শঙ্খদাৰ ইত্যাদিত অস্ত্ৰ প্ৰহাৰ কৰিব নোৱাৰিব। ৰণ আৰম্ভ কৰা হল। দুয়োপক্ষৰ ৰণবল পুৰ্ব-পছিমা সমুখ- সমুখীকৈ উত্ৰাৱল বাঘৰ দৰে খাও-খাওঁ মূৰ্তিৰে ইপক্ষে সিপক্ষৰ ওপৰত, সিপক্ষে ইপক্ষৰ ওপৰত পৰে-পৰে। সেই উদ্বিগ্নতাৰ ক্ষণত জিলিকি উঠা ৰণৰ আৱেশ সঞ্জয় মন্ত্ৰীয়ে অন্ধৰাজ ধৃতৰাষ্ট্ৰক এই বুলি বৰ্ণনা কৰিছিল, “হে মহাৰাজ। এই কুৰুক্ষেত্ৰ মহাৰণৰ আৰম্ভণৰ ৰূপ অতি ভয়াবহ, অতি ৰোমাঞ্চক, অতি উদ্দীপক। দুয়োপক্ষৰ ৰণুৱাবৰ্গক সমানে শুৱনি দেখা গৈছে। দুয়োদল যেন বসন্তৰ কুঁহিপাত ধৰা গছ-গছনিৰে সৈতে দুখন নৱপল্লবিত বন হে। দুয়োদল সমানে সাহসী, সমনে উত্তেজিত আৰু কেৰে কাকো সহিব নোৱাৰিব বেন লাগিছে। দুয়োলে যেন ত্ৰিভূবন বিজয়ী হোৱাৰ উদ্দেশে কঁকালত জালি বান্ধি সাজু হৈছে। ঠিক যেন সুৰাসুৰৰ ৰণ লাগে লাগো হৈছে। কৌৰৱ পক্ষ অসুৰ সেনাদল আৰু পাণ্ডৰ পক্ষ সুৰ সেনাদল যেন হৈ জিলিকিছে। পাণ্ডৱ পক্ষৰ পিচৰপৰা মৃদু সমীৰণৰব লাগিছে; আৰু কুৰুপক্ষৰ পিচৰপৰা জন্তুৰ বেবনি-টেটনিৰ বাৰ উঠিছে। হে মহাৰাজ! আপোনাৰ পুত্ৰসকলৰ পক্ষীয় ৰণ-হত্তীয়ে পাণ্ডৰপক্ষৰ প্ৰকাণ্ড আৰু তেজী ৰণহতীৰ তাপ উদগীৰণৰ প্ৰভাৱ সহিব নোৱাৰিঅস্থিৰ হোৱা যেন দেখা

  • আদেশ আৰু বাৰ্তাপ্ৰচাৰ তেতিয় শ্যৰ ৰাই হৈছিল

। মহাভাৰত, পৰ্ব ১ খ্যা, ২ কে।