পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুৰুক্ষেত্ৰ মহাৰণৰ আৰম্ভণ। 989 আন্তৰপৰা সাত অক্ষৌহিণী সেনা সমবেত হোৱাত, ১৮ অক্ষৌহিণী ৰণুৱাই অৰিয়-অৰিকৈ তোলা সম্মিলিত কণ্ঠৰ জয়ধ্বনিয়ে আকাশমণ্ডল প্ৰতিধ্বনিত কৰি মেদিনী কঁপাবলৈ ধৰিলে। তাৰ পাচত, কৌৰৱ, পাণ্ডৰ আৰু পাঞ্চাল ৰাজক্ষমতাৰ ঘাই থাই প্ৰতিনিধিসকল সমুখাসমুখীকৈ আহি ৰণক্ষেত্ৰৰ মধ্যস্থলত সমবেত হলহি। উদ্দেশ্য, ৰণ আৰম্ভ কৰাৰ আগতে, ৰণ কৰাৰ ৰীতিনীতি, নিয়ম-কাৰ, বিধি-ব্যৱস্থাৰ হেতু বান্ধি লোৱা; উদ্দেশ্য, যাতে যুদ্ধ নিৰ্দোষভাৱে ধৰ্মযুদ্ধ হয়। উদ্দেশ্য, যাতে যুদ্ধত জয়-পৰাজয় ধৰ্ম্মতঃ সাধিত হয়। অধৰ্মৰ পৰাক্ৰমে যাতত পৰশিবলৈ নাপায়; তদৰ্থে কিছুমান লাগতিয়াল হেতুবন্ধনৰ জপনা দি লৈ, উভয় পক্ষৰ সন্মতিক্ৰমে তাক গ্ৰহণ কৰা হয়॥ যেয়ে বা যি পক্ষই সেই জপনা ডেই যাব, সেয়ে বা সেই পক্ষই বিনাযুদ্ধে পৰাভুত বিবেচিত হব। সেই সেতুবন্ধনৰ বাই বাই কেইটামান এই :-(১) যুদ্ধ সমানে সমানে পাতিব লাগিব; (২) যি বাকযুদ্ধেৰে আগ বাচে, তেওঁৰে সৈতে বাকযুদ্ধহে পাতিব লাগিব। (৩) যি ৰণভঙ্গ দিয়ে, অৰ্থাৎ প্ৰাণৰ মমতাত পলাই যায়, তাক কাটিতে বধ কৰা নহব; (৪) ৰথীয়ে ৰথীৰ লগত হে ৰণ দিব; (৫) অশ্বাৰোৰীয়ে অশ্বাৰোহীৰ লগত, পদাতিকে পদাতিকৰ লগত হে ৰণ পাতিব পাৰিব। (৬) যোগ্যতা, সাহ, ইচ্ছা, বল ইত্যাদি বুজি এজনে আনজনক খুঁজলৈ আহ্বান কৰি লৈ হে মলযুদ্ধত ধৰিব লাগিব। (৭) ৰণত যাৰ মাত উপস্থিত হয়, তাক কদাপি ৰণাঘাত কৰিব নোৱাৰিব। • মহাভাৰত জীপ, ১ম, অধ্যা, ২০০ কি। । কোৱা বাহুল্য মাখোন যে, ইয়াৰ মূলত, ৰাজনৈতিক বিৰাটৰ কৌশলীবিতীয় ৰাপতি ধৰ্মৰ এতিভা গান।