পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Job শ্ৰীকৃষ্ণ। “হে পাৰ্থ! অত্যাগী (১) মানুহৰ চিত্তশুদ্ধি হোৱাৰ আগেয়েই মৃত্যু হলে সেই মানুহে কৰ্ম্মানুষ্ঠানৰ প্ৰায়শ্চিত্ত স্বৰূপ পুনৰ্জন্ম লব লগাত পৰে। কিন্তু, স্বয়ং কৰ্তা ৰূপ যাৰ অভিমান নাই, যাৰ বুদ্ধি কাৰ্য্যত লিপ্ত নহয়, তেওঁ সমস্ত লোক বধ কৰিলেও প্ৰকৃতপক্ষে তেওঁৰ একো কৰা নহয়, তেওঁ তাৰ বাবে প্ৰায়শ্চিত্তভাগীও নহয় (২)। হে অৰ্জুন! আগেয়ে কৈ অহা বিবিধ জ্ঞানৰ সূত্ৰ মনত ৰাখিলে কৰ্ম্মানুষ্ঠানত বিঘ্ন বা বেমেজালি নঘটে। সেই বিবিধ জ্ঞান হৈছে, সাত্ত্বিক জ্ঞান, ৰাজসিক জ্ঞান আৰু তামসিক জ্ঞান। (ক) যি জ্ঞানৰ দ্বাৰাই সৰ্বব্যাপী এক অব্যয় সৰূপ ভাবৰ উপলব্ধি হয়, সেয়ে সাত্ত্বিক জ্ঞান; (খ) যি জ্ঞান- দ্বাৰাই ভিন ভিন দেহস্থিত ভি ভি পদাৰ্থৰ অনুভৱ হয়, সেয়ে ৰাজসিক জ্ঞান; (গ) যি জ্ঞানৰ দ্বাৰাই সৰ্বব্যাপী আত্মাক কোন এটা সুকীয়া দেহত বা মূৰ্তিত ৰা কৰ্ম্মানুষ্ঠানত আৱদ্ধ অনুভৱ কৰায়, দেয়ে তামসিক জ্ঞান। (৩) “হে পাৰ্থ! যি বুদ্ধিৰ বলত প্ৰবৃত্তি আৰু নিবৃত্তি, কাৰ্য আৰু অকাৰ্য্য ভয় আৰু অভয়, বন্ধন আৰু মুক্তি বিষয়ে জ্ঞাত হোৱা যায়, সেয়ে সাৰ্বিক বুদ্ধি; যি বুজিৰ দ্বাৰাই ধৰ্ম আৰু অধৰ্ম, কাৰ্য আৰু অকাৰ্য্য ইত্যাদি বিষয়ত সংশয় ওপজে সেয়ে ৰাজসিক বুদ্ধি; যি বুদ্ধিয়ে অজ্ঞান- অন্ধকাৰলৈ নি অকাৰ্যক কাৰ্য্য, অধৰ্মক ধৰ্ম আৰু অন্যান্য সকলো বিষয়তে বিপৰীত বোধ জন্মায়, সেয়ে তামসিক বুদ্ধি। সেই অনুক্ৰমে (১) যিবিলাকে কৰি আংশিক অনুষ্ঠান আৰু আংশিক পৰিত্যাগ কৰে, সিবিলাকক অত্যাগী ‘সন্ন্যাসী’ বা ‘গৌণসন্ন্যাসী বোলা যায়। -ধৰ মীকৃত গীতাৰ সকা। (২) এনেবিধ কৰ্মীৰ কৰ্মানুষ্ঠান পাৰ্থ সন্ন্যাস বলা যায়। (৩) গীতা, ১৮শ অধ্যা, ১২ মোক।