পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭৩৪ শ্ৰীকৃষ্ণ। ও তৎসৎ পৰব্ৰহ্মৰ এই তিনিথকাৰ নাম শাস্ত্ৰে নিৰ্দেশ কৰিছে। যি দৰে একাৰ ৰূপে পৰব্ৰহ্মৰ নাম অ+উ+ম এই ত্ৰিবণাত্মক, সেইদৰে পূৰ্বকালত মহৰ্ষিসকলে পৰব্ৰহ্মৰ ওঁ+তৎ+সৎ এই তিনি অবয়ৱ- যুক্ত নাম মন্ত্ৰৰ আদিতে স্মৰণ কৰিছিল। কাৰণ, তদ্বাৰাই ধৰ্ম্মানুষ্ঠানৰ কাৰ্য্যবৈগুণ্য দোষ খণ্ডন কৰা যায়। এই নামৰ প্ৰভাবেৰেই ব্ৰহ্মাই আদিতে ব্ৰাহ্মণ (১) বেদ আৰু যজ্ঞ সৃষ্টি কৰিবলৈ সমৰ্থ হৈছিল (২)। এই হেতুকেই বেদবিদ পণ্ডিতসকলে ও নাম উচ্চাৰণ কৰি যজ্ঞ, দান, তপস্যাদি ক্ৰিয়াত প্ৰবৃত্ত হয়। এই কাৰণেই মোক আকাঙ্কীসকলে তৎ' এই শব্দ উচ্চাৰণ কৰি বিবিধ যজ্ঞ, দান, তপস্যাদি সম্পাদন কৰে। আৰু এই নিমিত্তেই, হে পাৰ্থ, শিষ্টসকলে সদ্ভাব (৩) আৰু সাধুভাব জনিত (৪) মঙ্গলজনক কাৰ্যৰম্ভনত সৎ’ শব্দ উচ্চাৰণ (১) এই প্ৰসঙ্গত ৰাহ্ম (ব্ৰাহ্মণতেল )শব্দৰ আৰাই ৰাহ্মণ, ক্ষত্ৰিয় আৰু নৈশ্য এই লিবিং কি উপলক্ষ্য কৰা হৈছে। কৃষ্ণানন্দঘামীকৃত গীতাৰ্থ সন্দীপলী। (২) ও দিতি নিৰ্দেশে ৰহ্মব্ৰিযিধঃ। ৰাহ্মনে বেশ য যিবিতাঃ পু। -গীত, ১৭শ আধ্যা, ২৩ শোক। (৩) সন্তাৰ অৰ্থত আছি। অৰ্থাৎ কোনো বস্তু আছেনে নাই তাত সংশয় হলে ৰহ্মাৰ সৎ নাম উচ্চাৰণ কৰি সেই আশা আঁতৰ কৰা হয়। কানাখালীৰ গীতাসলীপী। ৫) সাধুজা, অৰ্থাৎ সাধু বা পলি, অৰ্থাৎ কোনো বঙৰ পৱিত্ৰতাত সংৰু হলে আসলে এগৰ পলি অঙ্গ সং শব্দ উচ্চাৰণ কৰি তাৰ বৈ কি স কৰে।