পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভক্তিযোগ। ৭২৫ মায়ালিত ৰূপে তেওঁ ব্ৰহ্মবেত্তা। ইহলোকত ক্ষৰ আৰু অক্ষৰ (১) এই দুবিধ বস্তুৰেই প্ৰসিদ্ধ; পৰমাত্মাই দেহত জীবাত্মাৰূপে প্ৰবিষ্ট হৈ জগতক প্ৰকাশ কৰে। কিন্তু সেই দুবিধ বস্তুৰপৰা পৰমাত্মা পৃথক্; তেওঁ একে ক্ষণতে ত্ৰিজগতত বিদ্যমান; তেওঁ অব্যয় আৰু তেওঁ ঈশ্বৰ। পৰমাত্মা কাৰ্য্যৰৰ অতীত আৰু কাৰণতকৈও উত্তম; সেই হেতুকেই ভগৱানক পুৰুষোম বোলা যায়। যি বোগী পুৰুষে মায়া-মোহ ভেদ কৰি ভগৱানক এই পুৰুষোত্তম ৰূপে জানি ভজনা কৰে, তেৱেঁই প্ৰকৃত তত্ত্বদশী, তেওঁ সৰ্বজ্ঞ আৰু তেওঁ ভক্তিযোগৰ দ্বাৰাই যথাৰ্থ পৰমপুৰুষক উপাসনা কৰে। (২) এই ছেগতে সামৰণীত দিবলগীয়া (৩) গুহতম তত্ত্বজ্ঞান দান কৰি, ভগৱান শ্ৰীকৃষ্ণই এই বুলি অৰ্জুনক পুনৰপি সম্বোধন কৰিলে, “হে অন ( নিস্পাপ)। হে ভাৰত! তোমাৰ আগত মই এই যে গুহ্যতম ৰহস্য-শাস্ত্ৰ কীৰ্তন কৰিলে, যি যোগী পুৰুষে তক হৃদয়ঙ্গম কৰিব পাৰিছে, তেওঁ আত্মজ্ঞানযুত হৈ পৰমপদ লাভ কৰিছে। (৪) (১) এই দুই পদৰ বহুল ব্যাখ্যা ইতিপূৰ্বৰ চকাত দি অহা হৈছে। এই স্থত সি কাৰ্য্য আৰু কাৰণৰূপে গৃহীত হৈছে। (২) গীতা, ১৫, আধ্যা, ১২-১৯ লোক। (৩) গীতাৰ সামৰখ্যাত বিৰ ৰৈছে এই১৫, আখ্যাতে তাৰ সাৰ- ০) গ, ১৫ লাখ, সক।