পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৬। আধ্যা। বাসনা তত্ত্বজ্ঞান। ভোগ-বাসন সুবিধ-শুভ আৰু অশুভ (১)। অশুভ বাসনা পৰিত্যাগ কৰি শুভ বাসনা অৱলম্বন কৰাৰ আৱশ্যকতা ব্যাখ্যা কৰাৰ উদ্দেশ্যে ভগৱানে এই বুলি নতুন ছেদত ধৰিলে, “হে অৰ্জুন! অভয়, তত্ত্বসংশুদ্ধি (২), জ্ঞান আৰু যোগত স্থিতি; দান, দম আৰু যজ্ঞ; স্বাধ্যায় (৩), তপ আৰু আৰ্জব (৪) এই সমস্তই শুভ বাসনাৰ ফল দৈবী সম্পদ (৫); অহিংসা, সত্য, অক্ৰোধ, ত্যাগ, শান্তি, পৰনিন্দাবজ্জন, দয়া, লোভশূন্যতা, মৃদুতা, লজ্জা, চাঞ্চল্যশূন্যতা এইবোৰৰ দৈবী সম্পৎ বা শুভ বাসনাৰ লক্ষণ। হে ভাৰত! সাত্ত্বিকী বাসনাৰে যি সকলে সংসাৰত জন্মগ্ৰহণ কৰে, সেই সকলেই তেজ (সাহ), ক্ষমা, ধৃতি, শৌচ (চিত্তশুদ্ধি ) অদ্ৰোহ (অভিৰোধ ), অভিমানশূন্যতা এইবোৰ গুণৰ গৰাকী হয়। (১) সাত্ত্বিকী বাসনা তত আৰু যুক্তিসাগৰ হেতু; ৰাজস আৰু তামস বাসনা অশুভ আৰু সংসাৰবন্ধনৰ হেতুষৰূপ। (২) মিছা, প্ৰবঞ্চনা, মায়াদি আগৰ নামেই তত্বসংশুদ্ধি। গীতাৰ ২, আধাত স্থিতপ্ৰজ্ঞ পুৰুষৰ ব্যাখ্যাৰ লগত এই বিষয়ে বহলাই কোৱা হৈছে। (৩) শাস্ত্ৰাদি অধ্যয়ন। (৩) কাৰ্য, বাক্য আৰু ভাৰৰ একতাৰপ সাত্বিক ব্যৱহাৰেই আজ। গীতাৰ ১২শ, আধ্যাত জগৎও ব্যাখ্যাৰ লগত এই বিষয়ে কোৱা হৈছে। (৩) সাত্বিকী বাসনাই দৈবী সম্পদ। গৃহীৰ দৈবী সম্পদ বিতংকৈ ধৰিলে