পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভক্তিযোগ। ৭১৫ হে পাৰ্থ! আত্মাৰ উন্নতি, বৃদ্ধি আৰু বিনাশ নাই, গতিকে তেওঁ অবিনাশী; আৰু আন সমস্তই বিনাশ-ধৰ্ম্মশীল। যাৰ এনে ভাব, তেওঁৱেই অভ্ৰান্ত। যি আত্মজ্ঞানী জনে আত্মাক সৰ্বত্ৰে সমান, নিৰ্বিকাৰ আৰু সকলো প্ৰাণীৰ প্ৰবৃত্তিৰ হেতু স্বৰূপ জানি, অভেদ জ্ঞানৰ বলেৰে মই ব্ৰহ্ম এই সিদ্ধান্তত চলে, তেওঁ মায়াযুক্ত হৈ আত্মজ্ঞানহীনৰ দৰে আত্মাৰে সৈতে আত্মক নঘপিয়ায়; সেই কাৰণে তেওঁ পৰমগতি লাভ কৰে। ক্ষেত্ৰজ্ঞ আত্মা সাক্ষীস্বৰূপ—অকৰ্তা; সমস্ত কাৰ্য প্ৰকৃতিয়েই কৰে, বা মায়াৰ বলতেই হয়। যাৰ এনে দৃষ্টি, তেওঁৱেই সমদৰ্শী। সাধকে যেতিয়া ভূত সমূহক ভিভি ভাৱে একে আত্মাতে অৱস্থিত দেখে, আৰু সেই ভূত সমূহক একে আত্মাৰপৰাই বিস্তাৰ হোৱা দৰ্শন কৰে, তেতিয়া তেওঁ প্ৰকৃততে ব্ৰহ্মস্বৰূপ হয় (১)। অৰ্থাৎ, ক্ষেত্ৰজ্ঞৰ দৰেই ক্ষেত্ৰৰ পৃথকত্ব নাইসকলে অভেদাত্মা।” (২) “হে কুন্তীনন্দন! অনাদি আৰু নিগুণ কাৰণেই এই অবিকাৰী পৰমাত্মাই শৰীৰত থিত, লৈয়ো একোকে নকৰে। আৰু দেহতে নিবাস যদিও, পদ্মপত্ৰত পানীৰ দৰে, কৰ্মফলত নিৰ্লিপ্ত হৈ থাকে। আৰু, আকাশ যেনেকৈ সৰ্বব্যাপী হৈয়ো কাৰৰ লগত লিপ্ত নহয়, তেনেকৈয়ে আত্মা দেহত থাকিও তাত নিলিপ্ত, অৰ্থাৎ দেহধৰ্মৰ বাজ। 'হে ভাৰত। এক সূৰ্য্যই যি ৰূপে সমস্ত জগতকে প্ৰকাশ কৰে, সেইপে এক ক্ষেত্ৰ স্বৰূপ আত্মাই সমস্ত ক্ষেত্ৰক প্ৰকাশ (১) কিয়নো, ব্ৰহ্মত বাজে সৃষ্টিত জান আৰু একো পাৰ্থই না; দৃশ্যমান জগত কেবল মায়াভাৰত ভিতি বেন যেখা যায়।কান স্বামীৰ গীতাসলীপলী। (২) গীতা, এয়োল আখ্যা, ২৮–৩১ লোক।