পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭১৪ কাৰণৰ হেতু, অৰ্থাৎ ক্ৰিয়াশক্তিৰ মূল; পুৰুষ সুখ-দুখাদি ভোগৰ হেতু ৰা কাৰণ। এই ক্ষেত্ৰ পুৰুষে মায়াৰূপ প্ৰকৃতিত অৱস্থিতি কৰি প্ৰকৃতিৰপৰা উৎপন্ন হোৱা সুখ-দুখাদি ভোগ কৰে। ত্ৰিগুণাত্মিক প্ৰকৃতিৰ লগত এই সম্বন্ধ থকাৰ বাবেই সেই ত্ৰিগুণ অনুযায়ী (১) সৎ আৰু অসৎ যোনিসমূহত পুৰুষৰ জন্ম হয়। কিন্তু, এই দেহত বিদ্যমান থাকিও পুৰুষ (আত্মা) নিৰ্লিপ্ত, নিত্য, আৰু স্বতন্ত্ৰ। অথচ তেওঁৱেই ভৰ্তা, ডোক্তা, মহেশ্বৰ আৰু পৰমাত্মা। (২) “হে অৰ্জুন! কোনোৱে জ্ঞানৰ বলত, কোনোৱে সংখ্যা যোগৰ বলত, কোনোৱে কৰ্ম্মযোগৰ বলত আত্মদৰ্শন লাভ কৰে; ইত্যাদি পন্থাৰ দ্বাৰাই লাভ কৰা আত্মতত্ত্বজ্ঞানৰ আগত যি পুৰুষে, দেহাদি বিকাৰ মায়াময় জানি, প্ৰকৃতিক উপলব্ধি কৰে, সেই পুৰুষ সৰ্বথা বিদ্যমান থাকিলেও তেওঁ পুনৰ্জন্ম ধাৰণ কৰিব লগাত নপৰে। কোনোৱে হয় তো ধ্যান, বিচাৰ আৰু কৰ্ম্মৰ বলত এই তত্ত্ব উপলব্ধি কৰিবলৈ অসমৰ্থ হৈ ইষ্টগুৰুৰ উপদেশ অনুসৰি উপাসনা কৰে, সিবিলাকেও মৃত্যুময় সংসাৰ অতিক্ৰম কৰে। (৩) “হে ভৰত বংশধ পাওৰ। ক্ষেত্ৰ আৰু ক্ষেত্ৰৰ সংযোগত (৪) যে স্থাৱৰ জঙ্গম সমন্ত পদাৰ্থ উৎপন্ন হয়, এই কথা ধুৰুপ বুলি জানিব।” (৫) (১) সত্ত্ব গণধাৰী পুৰুষে দেৱযোনিত, ৰজোনাধিকাৰীৰে মানৰ বোনিত আৰু তমোশাধিকাৰীয়ে পাশৰ যোনিত জন্মগ্ৰহণ কৰে। (২) গীতা, এয়োদশ অধ্যা, ২০-২৩ শ্লোক। (৩) গীতা, অয়োদশ অধ্যা, ২৪-২ গোক। (৪) ক্ষেত্ৰ আৰু ক্ষেত্ৰ, অথবা পুৰুষ আৰু প্ৰকৃতিৰ মায়াজনিত পৰম্পৰ মিথুনীকৰাৰুে সংবোগ বোলা যায়। ঘামীকৃত টাকা-ব্যাখ্যা। ৩) গীত, কোণ আখা, ২। লোক।