পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভক্তিযোেগ। ৭১০ আৰু বাহিৰ। তেওঁ ধাৰণাতীত। তেওঁ অবিশ্বাসীৰ মানত দুৰৈতকৈও দুৰৈত, কিন্তু ভক্তিমানৰ চকুত ৰতকৈও ওচৰত (১)। পৰমাত্মা অভিভাজ্য বা অভেদাত্মা; কিন্তু ভিন ভিন্ন প্ৰাণীত ভি ভি পদাৰ্থত তেওঁক ভি ভি যেন বুজা যায়, যদ্যপি এক ব্ৰহ্মই সদৌ পদাৰ্থতে ক্ষেত্ৰজ্ঞৰূপে বিৰাজ কৰিছে আৰু যদিচ ভূতসমূহ বা সমস্ত জগত তেওঁতে স্থিতি, তেওঁতে লয় আৰু তেওঁৰপৰাই উৎপন্ন হয়। জলন্ত পদাৰ্থৰ জ্যোতি তেওঁৰেই, অথচ তেওঁ অন্ধকাৰৰ অতীত তেওঁৰেই আন, তেওঁৱেই জ্ঞেয়; তেওঁৱেই জ্ঞানগম্য, তেওঁৱেই সমস্ত জীৱতে আত্মাৰূপে অৱস্থিতি কৰিছে। জীবাত্মা আৰু পৰমাত্মা অভেদাত্মা। যি আত্মজ্ঞানশালী ললাকে ইয়াৰ গূঢ়তত্ত্ব উপলব্ধি কৰিব পাৰে, তেওঁ জগতময় পৰমাত্মাক বিৰাজমান দেখে। হে অৰ্জুন। ক্ষেত্ৰক্ষেত্ৰজ্ঞ, জ্ঞান-জ্ঞেয় এই সমূহ বিষয়ৰ যি সংক্ষেপ ব্যাখ্যা দিয়া হল, তাৰ তত্ত্বজ্ঞান লাভ কৰিলেই মোৰ ভক্তগণে মদ্ভাব (ব্ৰহ্মভাব) লাভ কৰিব পাৰে।” (২) “হে অৰ্জুন! এতিয়া প্ৰকৃতি-পুৰুষৰ তত্ব ব্যাখ্যা কৰোঁ, শুনা এই প্ৰকৃতি আৰু পুৰুষ দুয়ো অনাদি। বিকাৰ সমূহ (৩) আৰু ও সমূহ (6) প্ৰকৃতিৰপৰাই উৎপন্ন (৫)। প্ৰতি ক্ৰিয়া আৰু » বহিষ্ণ ভূতানামচৰং চৰমেব চ। শাওৰিয়ে মুখ চান্তিকে চত।' -গীতা, এয়োদশ অধ্যা, ১৩ মোক। (২) গীতা, অয়োদশ অধ্যা, ১৭-১৯ মোক। (৩) পঞ্চভূত, ইন্দ্ৰিয়, আৰু মন এই বোটা ৰিাৰ। 0) সৰ এই তিনটা। ৩) প্ৰকৃতি পক সৈবিনী মপি। বিশাল তিন।গত, আমাৰ অন্যা, মা।