পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৫৪
শ্ৰীকৃষ্ণ৷
 


উত্তৰ পাৰত, অগ্নিগড়েৰে সুৰক্ষিত কন্যাপুৰ বা উষানগৰীত (১) যথাযোগ্য ৰাজকীয় মৰ্য্যাদাৰে সৈতে বাস কৰোৱা হৈছিল। উষা-নগৰী বাণ-নগৰৰপৰা (২) কুৰি ক্ৰোশৰ অন্তৰত অৱস্থিত। অগ্নিগড়ৰ (৩) জলন্ত চিন অদ্যাপি বিদ্যমান।

 যাদৱকেশী দ্বাৰকেশ্বৰ শ্ৰীকৃষ্ণ আৰু তেওঁৰ প্ৰথমা ভাৰ্য্যা ৰুক্মিণী দেবীৰ বৰপুত্ৰ মহাৰথ প্ৰদ্যুম্ন কোৱঁৰৰ পুত্ৰ অনিৰুদ্ধ কুমাৰ। ৰূপত শ্ৰীকৃষ্ণই কন্দৰ্পক জিনে, পুত্ৰ প্ৰদ্যুম্নই তেনে হেন পিতৃ কৃষ্ণক জিনে, কৃষ্ণ-নাতি অনিৰুদ্ধই পিতৃ প্ৰদ্যুম্নক জিনে। এনেহেন জগন্মোহন ৰূপ অনিৰুদ্ধ কুমাৰৰ! কুমাৰৰ ৰূপ-লাৱণ্যৰ জেউতিয়ে দ্বাৰাৱতী নগৰ ভক্ ভকীয়াকৈ জিলিকাই থৈছিল। বাস্তৱতে, দ্বাৰকাৰ আবাল-বৃদ্ধ- বনিতা কুমাৰৰ অনুপম ৰূপ-গুণত বিমোহিত; দ্বাৰকাৰ নৰ-নাৰীৰ মানত কুমাৰ অনিৰুদ্ধ আলাসৰ-লাৰু।

 অতীজত যি মহাথানত মহাসেন অগ্নিজাত ৰুধিৰত উত্থিত হৈছিল, সেই পুৰোত্তম পৱিত্ৰ থানেই শোণিতপুৰ (৪)। শোণিতপুৰত দেৱদেৱ মহাদেৱ হৰ-মহেশ্বৰ বৃষধ্বজ ৰূদ্ৰশঙ্কৰ মহাভৈৰৱৰ পূজা-অৰ্চ্চনাৰ


(১) বৰ্তমান তেজপুৰ কাহাৰিঘৰৰ ভেঁটিয়েই উষা-অন্তঃপুৰৰ ভেঁটি।

(২) তেপুৰৰপৰা ২০ ক্ৰোশৰ উত্তৰে ভালুকপুং নামে ঠাইত বাণ-নগৰৰ ভগা চিন অদ্যাপি বিদ্যমান।

(৩) ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে তেজপুৰৰ “ধেনুখনা” টীলাৰপৰা “ভোমোৰাগুৰি’’ লৈকে এই পৰ্ব্বতীয় টীলালানীনেই আগৰ দিনৰ ‘অগ্নিগড়’। উষা-নগৰীৰ উত্তৰ- পছিম প্ৰান্তত তেজযেন ৰঙা পানীৰে চপচপীয়া “তেজপুৰ বিল” নামে সৰু বিল এখন এতিয়া পিটনিত পৰিণত হৈ আছে। আৰু নগৰৰ আশেপাশে উষাদেবীৰ তাঁত-শালৰ

টোলোঠ-দোৰ্পতিৰ ভগা চিন শিলা হৈ পৰি ৰৈছে।

0) হৰিবংশ, ১৭৩, আধ্যা৷