পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

শ্ৰীকৃষ্ণ।

অন্ত্যলীলা খণ্ড।

(৯১ বছৰীয়াৰপৰা ১২৬ বছৰীয়ালৈকে)


১ ॥ আধ্যা ॥

কুমাৰ-হৰণ। (১)

 ভাৰতবৰ্ষৰ অতিপূব প্ৰান্তত শোণিতপুৰ (২) আৰু অতিপছিম প্ৰান্তত দ্বাৰকা (৩) অৱস্থিত। সুপ্ৰখ্যাত বলি নামে দানৱৰাজৰ পুত্ৰ বাণ-ৰজা শোণিতপুৰৰ অধিপতি। নৰশ্ৰেষ্ঠ আদৰ্শ পুৰুষ শ্ৰীকৃষ্ণ স্বয়ং দ্বাৰকেশ্বৰ। বাণ ৰজাৰ বহুপুত্ৰ; কন্যা মাথোন একেটি৷ কন্যাটিৰ নাম উষা। উষাদেবীক শোণিতপুৰৰ দক্ষিণ-পূব প্ৰান্তত, ব্ৰহ্মপুত্ৰ


(১) অসমৰ লোকৰঞ্জক “কুমাৰ-হৰণ’’ নাটৰ এয়ে আঁতি-গুৰি।

(২) দ্বাপৰ যুগৰ দানৱ ৰাজবংশৰ বলিনন্দন বাণ-ৰজাৰ কন্যাপুৰৰ নাম শাণিতপুৰ।

(৩) শ্ৰীকৃষ্ণ প্ৰতিষ্ঠিত সাগৰকুলস্থিত যাদৱ ৰাজ্যৰ নাম দ্বাৰকা।