পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
কুমাৰ-হৰণ।
৫৫৫
 

অৰ্থে মহাবীৰ্য্যৱন্ত মহাসুৰ বলিনন্দন শৈবচুড়ামণি (১) বাণ নৰপতিৰ দ্বাৰাই প্ৰতিষ্ঠিত মহাভৈৰৱ মন্দিৰ (২) অদ্যাপি দণ্ডায়মান। সেই মন্দিৰত সভাৰ্য্যা দৈত্যকুল-গুৰুৱে চিৰস্থায়ীকৈ ভৈৰৱ-ভৈৰৱীৰূপে অৱস্থান কৰে। মন্দিৰৰ সুপ্ৰশস্ত টোলৰ ভিতৰত ভালেমান ভকত-ভকতনীয়ে ভৈৰৱ-ভৈৰৱী ভাবত বিভোৰ হৈ কিন্নৰ-কিন্নৰী ৰূপে সততে নৃত্য-কেলি কৰে। কোনো কোনো বিশেষ শিৱপুজা উপলক্ষে সেই হৰ-গৌৰী স্বৰূপ ভৈৰৱ-ভৈৰৱীৰ ক্ৰীড়া-কেলি বিশেষ আড়ম্বৰেৰে হৈ থাকে। পৰম ৰমনীয় পৰম লাৱন্য ৰতিকান্তি বিশিষ্ট পূৰ্ণযুৱতী নিৰূপমা বাণনন্দিনী উষাদেবীয়ে অপ্সৰী সদৃশ সখীসৱ সমন্বিতে সততে সেই ঐশ্বৰিক ক্ৰীড়া-কেলি সভক্তিৰে দৰ্শন কৰি পৰম তৃপ্তি লাভ কৰে। উষাদেবীয়ে এদিন তেনেকুৱা এটা বিশিষ্ট উপলক্ষত সমস্ত দিনব্যাপী ভৈৰৱ-ভৈৰৱী ক্ৰীড়-কেলি সদৰ্শনসুখ উপভোগ কৰি আহি, ৰাতি আপোনাৰ অন্তঃপুৰৰ শয়ন-মন্দিৰত সখী- সকলেৰে পৰিবৃতা আৰু সুৰক্ষিত হৈ সোণোৱালী পালেঙ্গত টোপনিত লালকাল দি পৰি আছে, এনেতে সপোনত তেওঁ কন্দৰ্পতনু এজন মদনমোহন পুৰুষৰত্বক স্বামী-উপভোগ কৰে। সপোনৰ আবেগত সেই ৰতিচোৰে কুমাৰীৰ কঠোৰ ব্ৰহ্মচৰ্য্য ব্ৰত চূৰ্ণ কৰি তেওঁৰ জীৱনাৰ্ব্বস্ব


(১) মহাসুৰ বাণ নৰপতিৰ শিৱভক্তি এনে প্ৰগাঢ় আছিল যে, সেই ভক্তিত তন্ময় হৈ তেঁও নিজক এজন শৱসন্তান বুলি জ্ঞান কৰিছিল। তেওঁনিজক কুমাৰ কাৰ্ত্তিকেয়ৰ কনিষ্ঠ যেন জ্ঞা কৰিছিল।

(২) বাণ নৰপতিৰ দ্বাৰাই প্ৰতিষ্ঠিত সেই মহাভৈৰৱ দেৱালয় অদ্যাপি তেজপুৰ চহৰত দণ্ডায়মান। এই মন্দিৰৰপৰা এক ক্ৰোশৰ অন্তৰত মহাপীঠ আন ভৈৰৱী দেৱালয়ো আজিকোপতি পূৰ্ব্ব গৌৰৱেৰে জিলিকি আছে।