পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭১২ শ্ৰীকৃষ্ণ “হে পাৰ্থ! আত্মণৰ বাবে অভিমান নকৰা, দম্ভ নকৰা, হিংসা নকৰ, কাৰৰ অহিত নিচিন্তা, অন্যৰ অপৰাধ ক্ষমা কৰা, বাজেভিতৰে সৰল আৰু অকপটীয়া আচৰণ কৰা, গুৰুজনক ভক্তি সেৱা কৰা, বাহিৰে ভিতৰে পৱিত্ৰতা ৰক্ষা কৰা, মন চাঞ্চল্যৰ গতিৰোধ কৰা, আত্মত পৰমাত্মাৰ থিতাপি কৰা, ইত্যাদিকে জ্ঞান বা জ্ঞানসাধন বলা যায়। ইন্দ্ৰিয়ভোগ্য বিষয় সমূহত বিৰাগ বা অস্পৃহ, নিৰহঙ্কাৰিতা, জন্ম-মৃত্যু, জৰা-ব্যাধি আদি দুখৰপ দোষাদোষৰ বিষয়ে সততে চিন্তালোচনা ইত্যাদি জ্ঞান সাধনাৰ কাৰ্য। পুত্ৰ পৰিয়াল, ইষ্টানিষ্ট, সুখ-দুখত বৈৰাগ্য, ঈশ্বৰত ঐকান্তিক ভক্তি, নিজানবাসবাসনা (১) আত্মজ্ঞাননিষ্ঠা, তত্ত্বজ্ঞানচিন্তা ইত্যাদিয়েই জ্ঞান। ইয়াৰ অন্যথাই অজ্ঞানতা। (২) “হে অৰ্জুন। যি জানিবৰ বিষয়, যাক জানিলে মোক্ষলাভ কৰা যায়, যি অনাদি পৰব্ৰহ্ম সতত নহয় (৩) অসতত নহয়, এতিয়া সেই বিষয়ে ভাজি ওঁ। যি জীৱগণৰ হাত, পা, চকু, মুৰ ইত্যাদি প্ৰবৃত্তিৰূপ, যাৰ অস্তিত্বত সমস্ত জগত অৱস্থিত, সেই চৈতন্যপ ৰিৱেই জ্ঞাতব্য পৰত্ৰ। তেওঁ নিষ্কয় হৈও সমস্ত ক্ৰিয়াৰ মূল। তেওঁ চকু নোহোৱাকৈও দেখে। কাণ নোহাৱাকৈও শুনে; কাৰৰ লগত তেওঁৰ সম্বন্ধ নাই, অথচ বিজগত তেওঁতে বিদ্যমান; তেও নি হৈও গুণসমূহ উপলব্ধি কৰে। তেওঁ সকোলোৰে সাক্ষী, অদ্বিতীয়, নিগুণ, আৰু চৈতম্বৰূপ। তেও দৃশ্যমান জগতৰ অন্তৰ (১) বিষয়ী বা সংসাৰী লোকৰ লগত সমাগম বা ঘনিষ্ঠতা নৰখা। (২) গীতা, ত্ৰয়োদশ অধ্যা, ৮-১২ শ্লোক। (৩) সৎ বাৰু অসহৰ সংখ্যা বিষয়ক ব্যাখ্যা ইয়াৰ আগেৰে দি অহা হৈছে।